হঠাত্ তাইৰ সন্মুখত

হঠাত্ তাইৰ সন্মুখত
ওলালহি সি । তাই
প্ৰতিদিনেই
তিনিবজাৰ
চিটিবাছখনত ঘৰলৈ
উভতে । কিন্তু
আগতটো তাক এই
সময়ত তাই দেখা নাই ।
তাই আশাওঁ কৰা
নাছিল এই সময়ত
তাক দেখিব বুলি । সিওঁ
ইচ্ছা কৰিয়েই সেই
একেটা সময়তে তাইক
এবাৰ চোৱাৰ আশাতে
কলেজৰ পৰা গুচি
আহিল ।
দূৰণিৰ পৰাই সিওঁ
তাইক দেখিলে । সি
কিছু আঁতৰে যাব
বিচাৰিলে যদিওঁ যাব
নোৱাৰিলে । তাইৰ
ওচৰেদিয়েই পাৰ হৈ
গল সি ।
সেই এটা মাথো
মূর্হুত্ব...বহুদিনৰ
মূৰৰ সেই এটা মাথো
সান্নিধ্যত হিন্দী
চিনেমাবোৰৰ দৰেই
স্থবিৰ হৈ ৰল সিঁহত ।
হঠাত্ ল'ৰাটো আঁতৰি
গ'ল নিজৰ পথেদি ।
নহলে সিযে দুর্বল হৈ
পৰিব তাইৰ
সান্নিধ্যত...তাইয়ো
কিবা কবলৈ লৈওঁ
থমকি ৰ'ল...লৰাটোৰ
এনে অস্বাভাৱিক
আচৰণত...সিটো
আগতে তাইক এনেদৰে
উপেক্ষা কৰা
নাছিল...অথচ কিয় এই
পৰিৱর্তন ! হয়তু
তাইৰ পৰিৱর্তনবোৰে
লৰাটোকো পৰিৱর্তন
কৰিলে এক নতুন ৰূপত

ওচৰতে থকা
মহিলাগৰাকীয়ে
তাইক সুধিলেঃ "কি
হল ! তাক নামাতিলা
যে !সিওঁ দেখুন একো
নোকোৱাকৈয়ে গুচি গ'ল
।"
তাইৰ বুকুত হঠাত্
হাজাৰটা শোকে
খুন্দিয়াই ধৰিলে ।
অতীতৰ স্মৃতিৰ
কিছু জীয়া ছবিয়ে
তাইক অস্থিৰ কৰি
তুলিলে । এটা সময়ত
তাৰ ভালপোৱাত
বিৰক্ত হৈ তাইয়েই
তাক কৈছিল
লোকচক্ষুৰ আগত
"নামাতিবি মোক । মই
বেয়া নাপাওঁ"।
কিন্তু এতিয়া..তাই
ইচ্ছা কৰিও তাক
মাতিব নোৱাৰে ।
কাৰণ সিওঁ তাইৰ
দৰেই তাইকো তাক
নামাতিবলৈ হাক দি
থৈছে । সি হেনো ,
তাইৰ লগত বন্ধু হব
নোৱাৰে । ভালপোৱাহে
হেনো হব পাৰে সিঁহতৰ
সম্বন্ধ । সেই
সম্বন্ধকো তাই
নির্দয়ভাৱে
বিশ্বাসঘাটকতাৰে
ভাঙি চুৰমাৰ
কৰিছিল । সেয়েহে
হেনো সি বিচাৰে
তাইৰ পৰা দুৰত্ব । এক
অনামী লাজত তাই
ৰঙা পৰি গল ।
#ৰ'দৰ_বিলাপ (হেমাংগ)
(ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে)

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা