তোমাৰো অাছে ""বদনাম""

তোমাৰো অাছে ""বদনাম""……………………………
বহু ভালনাম অাছে বাবেই বদনাম……………তোমাৰ দৰে হাহিব নোৱাৰে বাবে বদনাম…………বহু দুখত সুখি হোৱাৰ অভিনয় সিহতে কৰিব নোৱাৰে বাবে তোমাৰ বদনাম ।।
সেই অাঙুৰ কেইটাৰ কি ভুল,শিয়ালটোৱে জপিয়াই জপিয়াই খাব নোৱাৰাত টেঙা বুলি বদনাম কৰি থৈ গুছি গৈছিল।।…………
শান্তি তুমি কোনো মানুহক দিব নোৱাৰা…………সকলো মানুহৰ মনক জয় কৰিব পৰা শক্তি ভগৱানৰ হাততো নাই…………সেইবাবেইটো তেওৰো বদনাম……নিষ্ঠুৰ কিম্বা বিশ্বাসঘাটক।।
সকলোৰে ভাল হোৱা কামনা কৰাটো অাজিৰ দিনত পাপ…………নিজৰ কথা ভাবি কেকোৰাৰ দৰে অাগলৈ অাগবঢ়াতোক টানি নিজে অাগলৈ যাব পাৰিলেহে ক'ব' তুমি সফল……………যদি তেনে কৰিব নোৱাৰা তেনেহ'লে, তুমি অাকৌ পাবা বদনাম।।
এই বদনামবোৰত লুকাই থাকে কিছুমান ৰহস্য,যাৰ বাবে বদনাম,যাৰ বাবে নষ্ট তুমি,যাৰ বাবে ত্যাগ কৰিছা সকলো……তেওও সমাজৰ দৰে দি যাই বদনাম অাৰু শেষত সেই ৰহস্য,ৰহস্য হৈয়ে ৰৈ যাই জীবন পথত।।
ভাল মানুহক বেয়া বনাবলৈ চেষ্টা কৰা মানুহৰ অাকাল ক'ত,,বেয়া বেয়া কৈ থাকিলে অৱশেষত নিজৰ মনটো সন্দেহ অাৰম্ভ হয়।।…………সেইসকলক মোৰ প্ৰশ্ন,অনুগ্ৰহ কৰি মোক ক'বনে ………ভাল কাম কাক কোৱা হয়? কেনেকোৱা মনক অাটাইতকৈ ভাল মন বুলি জনা যাই?………কি কাম কৰিলে মানুহে কেতিয়াও নাপাই "বদনাম'' ।।
শেষত কও, বদনাম মোৰ প্ৰিয়,তোমাৰো প্ৰিয়,কিয় জানা………বদনাম অাছে বাবেই তুমি ভাল নাম পাবলৈ সক্ষম হ'বা বা হৈছা……।।
এদিন মানুহৰ মৃত্যু হয়………মৃত্যুৰ পাছত যাতে নকওক,তোমাৰ মৃত্যু হোৱাত ভালেই হ'ল………তোমাৰ দৰে মানুহ জীয়াই থাকিও লাভ নাই……।।
তোমাক সকলোৱে পিছলৈ তোমাৰ ভাল কামৰ বাবে এনে ভাবে মনত পেলাওক যে সি যদি অাৰু দুদিন মান জীয়াই থাকিলহেতেন…………কিবা বেলেগ হ'ল হেতেন………।
সেই বদনাম বোৰৰ মাজতো তেতিয়া তুমি সকলো মানুহৰ হৃদয়ত স্মৃতি হৈ জিলিকি উঠিবা।।……বদনামেৰে মানুহক অাৰু বেছি বেয়া কৰি পেলোৱাটোও ভালবোৰৰ বাবে অান এটা বদনাম…… বেয়াবোৰক ভাল কৰিব পৰাটোহে ভাল মানুহৰ কৰ্তব্য………বদনাম দি অাতৰি যোৱাটো নহয়।।………ধন্যবাদ………
""বিকি কাশ্যপ""

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা