অপ্ৰত্যাশিত_____

__অপ্ৰত্যাশিত_____ হঠাত্‍ তাইৰ সন্মুখত ওলালহি সি । তাই প্ৰতিদিনেই তিনিবজাৰ চিটিবাছখনত ঘৰলৈ উভতে । কিন্তু আগতটো তাক এই সময়ত তাই দেখা নাই । তাই আশাওঁ কৰা নাছিল এই সময়ত তাক দেখিব বুলি । সিওঁ ইচ্ছা কৰিয়েই সেই একেটা সময়তে তাইক এবাৰ চোৱাৰ আশাতে কলেজৰ পৰা গুচি আহিল । দূৰণিৰ পৰাই সিওঁ তাইক দেখিলে । সি কিছু আঁতৰে যাব বিচাৰিলে যদিওঁ যাব নোৱাৰিলে । তাইৰ ওচৰেদিয়েই পাৰ হৈ গল সি । সেই এটা মাথো মূর্হুত্ব...বহুদিনৰ মূৰৰ সেই এটা মাথো সান্নিধ্যত হিন্দী চিনেমাবোৰৰ দৰেই স্থবিৰ হৈ ৰল সিঁহত । হঠাত্‍ ল'ৰাটো আঁতৰি গ'ল নিজৰ পথেদি । নহলে সিযে দুর্বল হৈ পৰিব তাইৰ সান্নিধ্যত...তাইয়ো কিবা কবলৈ লৈওঁ থমকি ৰ'ল...লৰাটোৰ এনে অস্বাভাৱিক আচৰণত...সিটো আগতে তাইক এনেদৰে উপেক্ষা কৰা নাছিল...অথচ কিয় এই পৰিৱর্তন ! হয়তু তাইৰ পৰিৱর্তনবোৰে লৰাটোকো পৰিৱর্তন কৰিলে এক নতুন ৰূপত । ওচৰতে থকা মহিলাগৰাকীয়ে তাইক সুধিলেঃ "কি হল ! তাক নামাতিলা যে !সিওঁ দেখুন একো নোকোৱাকৈয়ে গুচি গ'ল ।" তাইৰ বুকুত হঠাত্‍ হাজাৰটা শোকে খুন্দিয়াই ধৰিলে । অতীতৰ স্মৃতিৰ কিছু জীয়া ছবিয়ে তাইক অস্থিৰ কৰি তুলিলে । এটা সময়ত তাৰ ভালপোৱাত বিৰক্ত হৈ তাইয়েই তাক কৈছিল লোকচক্ষুৰ আগত "নামাতিবি মোক । মই বেয়া নাপাওঁ"। কিন্তু এতিয়া..তাই ইচ্ছা কৰিও তাক মাতিব নোৱাৰে । কাৰণ সিওঁ তাইৰ দৰেই তাইকো তাক নামাতিবলৈ হাক দি থৈছে । সি হেনো , তাইৰ লগত বন্ধু হব নোৱাৰে । ভালপোৱাহে হেনো হব পাৰে সিঁহতৰ সম্বন্ধ । সেই সম্বন্ধকো তাই নির্দয়ভাৱে বিশ্বাসঘাটকতাৰে ভাঙি চুৰমাৰ কৰিছিল । সেয়েহে হেনো সি বিচাৰে তাইৰ পৰা দুৰত্ব ।কথাখিনি ভাবি এক অনামী লাজত তাই ৰঙা পৰি গল । #ৰ'দৰ_বিলাপ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা