এটা দিনত সকলোৰে বাবে নিষ্ঠুৰ হৈ পৰে

সময়……………এটা দিনত সকলোৰে বাবে নিষ্ঠুৰ হৈ পৰে…………য'ত নিজৰ
ওপৰত থকা বিশ্বাস কণও নোহোৱা হৈ পৰে।।………
সেই সময়ত সকলোবোৰক তোমাৰ কাষৰ পৰা অাতৰাই লৈ যাই……………অাৰু
মস্ত এটা শূণ্য লৈ তুমি অকলশৰে নিজৰ সৈতে যুদ্ধ দি অাঘাট হৈ মনে মনে
কান্দি জীৱন অতিবাহিত কৰিব লগা হয়।।
একপ্ৰকাৰৰ পাগল……………বহু মানুহৰ মাজতো অকলশৰিয়া অনুভৱ……………
কৃত্ৰিম হাহিৰে সকলোৰে লগত মৌণ হৈ নিজৰ দুখবোৰক কমাব
চেষ্টা……………জীয়াই থাকিব ইচ্ছা নোহোৱা……………অাপোনজনে
দিয়া মনত অাঘাট লগা অপ্ৰিয় কথাবোৰক ইচ্ছা নোহোৱা স্বত্বেও বাৰে
সোৱৰাই থকা…………""পাগল""শুণাত বেয়া লাগিলেও তেও একপ্ৰকাৰৰ পাগল
নাইবা ""পাগলী""।।
এটা সময়ত নিজৰো এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াত কঠিন অাছিল।।……………
সচাকৈ…………চোকা অস্ত্ৰৰ অাঘাটত কৈ,অাপোন জনে কোৱা মনত
অাঘাট লগা কথাবোৰৰ যান্ত্ৰণা অতিকৈ বেছি।।………
কিন্তু সময়ৰ বৰ খেল……………সেই অাঘাটবোৰ লাহে লাহে কেনেকৈ
কেতিয়া নোহোৱা হৈ পৰিল গমেই নাপালো।……যাক পাহৰিব একেবাৰেই
ইচ্ছা কৰা নাছিলো,তেওও অাজি মাত্ৰ নামৰ বাবে ৰৈ গ'ল………………যাৰ
কথা ভাবিলে মনত দুখ অনুভব হৈছিল,অাজি অাকৌ সেইবোৰ কথাই হাহি
দিয়ে মনত।।
সচাকৈ সকলো মানুহৰে এদিন দুখবোৰ সুখৰ টোপোলা হৈ সকলোৰে কাষত
নিজেই গৈ ধৰা দিয়ে………যাক নোপোৱাৰ বাবে কান্দি অকলশৰে বহি সময়
কটাই অাছা সেইবোৰেও তোমাৰ কাষত ধৰা দিব,তুমি ভবাত কৈয়ো বহু সন্দুৰ
হ'ব সেইবোৰ…………মাত্ৰ অপেক্ষা অাৰু নেদেখাজনৰ ওচৰত বিশ্বাস ৰাখা
প্ৰয়োজন।।……এইবোৰ কোনো সন্তনা নহয়……বহু দুখৰ মাজত সচা কথাবোৰ
সান্তনা যেনেই অনুভব হয়,কিন্তু এইবোৰেই তোমাৰ জীৱনৰ সত্যতা।।…………
মনত ৰাখিবা বেয়া দিন অহাটো যেনেকৈ কোনেও ধৰি ৰাখিব নোৱাৰে
তেনেকৈ তোমাৰ ভাল দিন বোৰকো অহাত কোনেও ধৰি ৰাখিব নোৱাৰে।।
………
এইটোৱেই সময়…………য'ত এদিন নহয় এদিন সকলোৰে বাবে নিষ্ঠুৰ হৈ
যাই………এদিন তুমি বিচৰাবোৰৰ বাবেও সময় নিষ্ঠুৰ হৈ পৰিব…………যি
দিনত তুমি বহু সুখ অনুভব কৰি জীয়াই থাকিবা…………তথাপি কিন্তু
সেইদিনটোতো তোমাক নিজকে অাকৌ পাগল পাগল অনুভব হ'ব………কিয়নো
তুমি বহু ভালপোৱা অাৰু বিচৰা মানুহবোৰো বৰ যান্ত্ৰণাত ককবকাই থকা
দেখিবা,যি কেতিয়াও তুমি বিচৰা নাছিলা………সেইদিনটোত তুমি অাকৌ
অাঙুলী জোকাৰি সময়ক গালি দিবা………ঐ সময় তই বৰ নিষ্ঠুৰ দেই……এদিন
তই সকলোৰে বন্ধু হোৱা অাৰু এদিন শত্ৰু হোৱা,কিন্তু ধন্যবাদ মোৰ সৈতে
তোৰ শত্ৰুতা অতিত।।……………ধন্যবাদ
<<বিকি কাশ্যপ>>………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা