এটি অনুভব…
এটি অনুভব……………
………………
অামি সকলোৰে বাবে মিছলীয়া…………এজনি চলনাময়ী………পুৰুষক টকাৰ
বাবে বিশ্বাস ঘাটকতা কৰা অামি এটা যন্ত্ৰ।।
সেইবোৰ মনোভাবৰ কাপুৰুষ জনক সুধিব বিচাৰিছো……………কি জানে তেও
ছোৱালীৰ বিষয়ে…………………কি দেখিছে…………?
ৰাস্তাই ঘাটে চকুৰে ধৰ্ষণ কৰি ককালৰ ভাজত শৰীৰৰ পবিত্ৰতাক ওজন কৰা
সেই কাপুৰুষ বোৰে, অান্ধাৰত কিমানে মুখ ক'লা কৰি মদৰ ৰাগিত কোনোবা
ছোৱালীৰ অভাবৰ সুবিধা গ্ৰহণ কৰিছে,তাৰ হিচাপ কোনো এজন পুৰুষে কিয়
নলয়!!মাত্ৰ অামিবোৰ মিছলীয়া……………।
অাগৰ পৰাই পুৰুষ সকলৰ শাৰিৰীক অাৰু মানসিক ভাবে নিৰ্যাতনৰ সাক্ষি
নাৰী জাতি………কেতিয়াবা গৰ্ভতেই নষ্ট ,কেতিয়াবা যৌতুকৰ নামত
জীয়াই জীয়াই জ্বলাই দিয়াৰ শাস্তি অাকৌ কেতিয়াবা ব্যক্তিগত অাষেজ
পূৰণ নোহোৱাৰ স্বাৰ্থত ডাইনী সজাই হত্যা।।
এইবোৰত কিয় কোনেও মাত নামাতে……………মাত্ৰ অামি চলনাময়ী।।
যৌৱনৰ পেনপেনিয়া প্ৰেমত কোনোবা এজনি সলনি হ'ল বুলিয়েই……………
কোনোবা এজনি, চাকৰি নথকাৰ বাবে চাকৰি থকা ল'ৰা এজনৰ লগত বিয়া হ'ল
বুলিয়েই সকলো নাৰী জাতি বিশ্বাসঘাটক নহয়।।
অাৰু পুৰুষ জাতিতোৱে কি বিশ্বাসৰ কথা কয়…………………
যাৰ জীৱনত বিশ্বাসৰ ''ব'' শব্দতোও বিৰাজমান নহয়…………কিহৰ বাবে
বাৰে বাৰে অবিশ্বাসৰ মালা ডাল অামাৰ ওপৰত জাপি দিয়ে।।
ভগৱান সাক্ষী ১৬০০০ গোপীৰ সতে লীলাত মগণ…………… প্ৰেমত ৰাধাৰ
সৈতে অটুত বন্ধন অাৰু অৱশেষত……………ৰাধাৰ অস্তিত্ব শেষত
নামত ৰৈ গ'ল।।
কিয়?
অামাৰ বিবেক…………পুৰুষ জাতিত কৈ ১২২ গ্ৰাম কম,,মানি
লৈছো……………বুজা শক্তিও কম,সেইতোও মানি লৈছো……………কিন্তু,
১২২ গ্ৰাম বেছি ওজনৰ বিবেকৰ,পুৰুষ জাতিতোৰ বাৰে বাৰে নিৰ্যাতনৰ বলি
নাৰী জাতিতো কিয় হয়।।
যিখন দেশত দেবী পূজা কৰা হয়…………সেইখন দেশতেই নাৰীক শুৱা পাটিৰ
পৰা উঠাই অানি ধৰ্ষণ কৰা হয়।।
কঠিন অাৰু কোমলৰ অৰ্থ এইতো নহয় যে…………… নিজৰ শক্তি আনৰ দুৰ্বলতাৰ
সুযুগ লৈ প্ৰয়োগ কৰিবা। সচা সফলতা বোৰ নিজৰ প্ৰয়াসত থাকে আনৰ
বিফলতা বা দুৰ্বলতাত নহয়।।
বিশ্বাসৰ কথা সেইজনে কওক………………যাৰ মানসিকতা বিশ্বাসঘাটক
হোৱাৰ পিছতো যেন কেতিয়াও বিশ্বাস হেৰাই নাযাই………… ভগৱানক
বিশ্বাস কৰাৰ দৰে।।…………
<<<মোৰ লিখনিৰ জড়িয়তে, কোনো পুৰুষ জাতি বা নাৰীৰ মনত দুখ দি
অসন্মান জনাবৰ বাবে লিখা হোৱা নাই……………কিছমান অশ্লীল
মনোভাবক তুলি ধৰা হৈছে।……………<<<বিকি
কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ