অভিমান

তোমাক ভাল পাওঁ বাবেইটো খং কৰো , অভিমান কৰো , মৰম কৰো .....
তাতকৈনো আৰু কি কৰিব পাৰিম ,
মইতো কোনো আম্বানিৰ পুত্ৰ নহয় , যেন সকলোবোৰেই তোমাৰ ভৰিৰ তলত আনি পেলাই দিম ,
আৰু চিঞৰি চিঞৰি কম ,
এয়া চোৱা মোৰ ভালপোৱা ......
অ মইয়ো পাৰিম , মাত্ৰ কব পাৰিম , " তোমাৰ বাবে আকাশৰ জুন'টো'ও সৰকাই লৈ আনিম !"
কিন্তু কি জানা ,
আচলতে সেইবোৰ সপোন হে মাথোঁ ,
আবেগবোৰক কঢ়িয়াই লৈ ফুৰা যান্ত্ৰণা হে মাথোন , প্ৰকৃততে সেয়া হয়টো কোনোৱেও কৰিব নোৱাৰে ,
তোমাৰ সেই ধনী জনেই হওঁক বা দুখীয়া জনেই হওঁক ...!!
প্ৰেম মানেই পবিত্র ,
মিছাতে ধন আৰু ক্ষুদ্ৰৰ পিছত দৌৰি প্ৰেমক অপমান নকৰিবা ,
বিচাৰিলে দুখীয়া হৃদয়ৰ মাজতো অজস্ৰ সুখ পাবা !

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা