সপোনবোৰ তেনেকৈয়ে দীঘল হয়

সপোনবোৰ তেনেকৈয়ে দীঘল হয়,প্ৰতিশ্ৰুতি
ৰ ফল্গুধাৰাৰ সৈতে।সপোনবোৰে উজাগৰী কৰি তোলে মায়াবী নিশাবোৰ,জীৱন হৈ পৰে সুবিমল,অনিৰ্বচনীয়।জীয়াই থকাৰ বাসনাই পৰিপূৰ্ণ কৰি তোলে মনৰ নিজান।।
:
এদিন সপোনবোৰ ভাগি যায় ঠুনুকা কাঁচৰ দৰে।ভগা সপোনৰ টুকুৰাবোৰে বৰ বেয়াকৈ যন্ত্ৰনাবিদ্ধ কৰে সপোন সঁচা নিৰলা হৃদয়ৰ ইপাৰ সিপাৰক।জীৱনে যেন হেৰুৱাই পেলাই জীয়াই থকাৰ বাসনা।মৃত্যু নামৰ শাশ্বত সত্যতোৱে বাৰে বাৰে ভিৰ কৰেহি দুচকুৰ আগত।হৃদয়ৰ মাজত সৃষ্টি হয় প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ,জয় পৰাজয়ৰ ধুমুহা।।
:
তথাপিও যন্ত্ৰনাৰে বাকৰুদ্ধ হৃদয়খনে জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে মহিয়ান হয়।
সপোন ভাঙি থৈ যোৱাসকলে নাজানে বিষাদৰ চকুলো,হৃদয়ৰ হাঁহাকাৰবোৰৰ কথা।জানিলেও নুবুজে।কিন্তু যিসকলে বুজে আমাৰ অন্তৰাত্মাৰ ভাষা,তেওঁলোকে কেতিয়াও চকুলো টুকিব নিদিয়ে আমাক।পৃথিৱীৰ সমস্ত সুখ দিব নোৱাৰিলেও দুখ পাবলৈ নিদিয়ে কেতিয়াও।তেন্তে কিয় হতাশ হও আমি।অন্ততঃ তেওঁলোকৰ বাবে প্ৰাণখুলি জীয়াই থাকিম যিসকলে আমাক জীৱন দিয়ে,ওঁঠত অলপ মাথো হাঁহি বিৰিঙাই,যিসকলে সমস্যাবোৰ আঁতৰাই দিব নোৱাৰিলেও প্ৰত্যাহ্বানৰ সাহস দিয়ে আমাক,মৰমভৰা সান্তনাৰে সৈতে কয় যিসকলে-"পাৰিবা,ম্যে হু না।"
✍# ৰ 'দ

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা