তোমালৈ বুলি …
তোমালৈ বুলি ………………
যান্ত্ৰণাবোৰ কম হোৱা যেন অনুভব হ'লেও কিছুমান
সময়ত বৰফৰ দৰে গোট মাৰি থকা স্মৃতিবোৰে মনক বৰ
অামনি দিয়ে।।
মৰমৰ
কুশলে অাছানে?
বহু বছৰেই হ'ল তোমাৰ খবৰবোৰ নোপোৱা,মই জানো
তুমি মোক বেয়া পোৱা ,হয়টো এটিয়াও বেয়া
পোৱা।।
তথাপি বৰ অাশা কৰিছিলো,
এদিন হ'লেও বেয়া পোৱাবোৰ ভালপোৱালৈ সলনি
হ'ব।
কিন্তু,
ভবা ধৰণে যদি সকলো সলনি হ'লহেতেন, কোনো
কথাই নাছিল।।
সেইসময়ত পাহৰি পেলাইছিলো যে, জীৱনত
সকলোবোৰ সহজ হ'লেও কাৰোবাৰ হৃদয়ত ঠাই বিচাৰি
উলিওৱাটো যে বৰ কঠিন।
তথাপি কোনো অাপত্তি নোহোৱা কৈয়ে মই
অাজিও তোমাকেই ভালপাও,,
সেই ডেৰফুটিয়া,ৰঙা ৰঙৰ চুইজাৰ পিন্ধি ৰঙতে
ৰাঙলী হৈ নাচি বাগি থকা চঞ্চল ছোৱালী জনি।।
সচাকৈ শুধিছো কুশলে অাছানে?………
বৰ কষ্ট হয় জানা তোমাৰ খবৰ মই ল'ব নোৱাৰিলে,,ভয়
হয় এই সংঘাতৰ পৃথিবীখনত তোমাৰ হৃদয়তো জানো
চেকা পৰে।।কোনোবাই যদি খেলাৰ পুতলাৰ দৰে
তোমাকো ব্যৱহাৰ কৰে…………বৰ কষ্ট হয় জানা,
বেছি বিশ্বাস কেতিয়াও কোনো মানুহকে নকৰিবা
দেই,,পৰিমানত কৈ যদি সকলোবোৰেই বেয়া ,নিশ্বই
বেছি বিশ্বাসো বেয়া হ'ৱ,নহয় জানো সোণ।।
অাজিলৈ এৰো,
সময় পালে জনাবাচোন তোমাৰ খবৰ বেয়া
পালেও,লিখিবা তুমি………
ঐ বেয়া পোৱা ল'ৰা জন,মই অাজিও বেয়া পাওঅ
তোক,তই নাভাবিবি তোৰ প্ৰতি মোৰ
ভাব,অনুভুতিবোৰ কেতিয়াবা সলনি হ'ব,মই অাজিও
বেয়া পাওঅ তোক…………তথাপি মই কুশলে অাছো……
জানানে???
ধন্যবাদ………
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ