মই দুখিয়া,,,

মই দুখিয়া,,,জীৱনত এই ভাব তোৱেই মানুহৰ বাবে হাৰি যোৱাৰ প্ৰথম চাবিকাঠি।। যাৰ বাবে মানুহৰ মন দূৰ্বল হয়।। মোৰ বহুত দুখ,,,জীৱনত এইতো এটা ভাবেই থকাবোৰো হেৰোৱাই পেলোৱাৰ ৰাস্তা।। মই কেতিয়াও সুখি নহয়,,,এইতো এটা ভাবে জীৱনত অাহিব লগিয়া সকলো সুখ বোৰত তলা লগাই।। কাৰণ সৰু সৰু সুখৰ পৰাই,এদিন মানুহে বহু ডাঙৰ সুখ পাব সক্ষ্যম হয়।। তুমি কিহৰ দুখিয়া,,,ধনৰ নে মনৰ? তোমাৰ কিহৰ ইমান দুখ,,,,নোপুৱাৰ বাবে নে পাই হেৰুৱাৰ বাবে? তুমি কেতিয়াও সুখি কিয় হ'ৱ নোৱাৰা,,,নিজৰ বাবে নে অানবোৰ সুখি নহয় বাবে? তামোলৰ গছত টোকোৰা চৰাইয়ে বাহ বনোৱা দেখিছানে?যদি দেখা নাই চাবা,,,।এটা বাহ সাজিবৰ বাবে সিহতে বহুকেইটাই লগ লাগে,,এদাল এদাল খেৰি কুটাবোৰ গোটাই ধূনীয়া কৈ ঘৰতো বনাই লয়।।এটাই নহয়,সাত অাঠটালৈ বাহ বনাই সিহতে এদাল গছত।।তাতে তুমি কি দেখিবা জানা,,সিহতৰ মিলাপ্ৰিতীৰে ভৰা এখন ঘৰ,,,তাতে তুমি শুণিবা সিহতৰ শব্দৰ কোলাহল,,চৰাই ভাষা যদি বুজিব পাৰিলো হেতেন,,,অনুবাদ কৰি কলো হেতেন,,,,ইমান দেৰি কৰাণে কুটা কেইদাল অানোতে,,,খেৰ কেইদাল ক'ত,,ইটোই কলেহেতেন,সি অানি অাছে।। তোমাৰোতো তেনেকোৱা এখন ঘৰ অাছে,,য'ত তোমাৰ পৰিয়ালে তোমাক লৈয়ে জীয়াই অাছে।।তোমাক লৈ বহুত সপোন দেখিছে,,তোমাৰ সৰুবোৰক হয়তো উদাহৰণ দিয়ে ঘৰৰ অাপোন বোৰে,,দাদা/বাইদেউৰ দৰে হ'ৱ লাগিব দেই।।তুমি যেতিয়া ঘৰৰ বাহিৰত থকা তেওলোকৰ তোমালৈ বৰ চিন্তা হয়,,,বাবা এতিয়াও কিয় অাহি পোৱা নাই?? তেনেবোৰ পৰিয়াল, অাপোনবোৰ থকাৰ পিছতো তুমি কোৱা,,মই দুখিয়া,,মোৰ বহুত দুখ,,।মই জনাততো তুমি বহুত সুখি,,মৰমৰ দেখোন অভাবেই নাই।।তোমালোকৰ মিলাপ্ৰীতিৰ ঘৰখনক তুমি ব্যতিক্ৰম কৰি লৈ গৈ অাছা,,,তেওলোকৰ তোমাৰ প্ৰতি থকা অাশাবোৰক,,সপোনবোৰক,,টুকুৰা টুকুৰ কৈ ভাগি।।কিয়??? নে পাহৰি পেলাইছা তুমি কোন??এবাৰ নিজক প্ৰশ্ন কৰা যে মই কোন??তুমি হাতিৰ দৰে মুৰ্খতো নহয়,,সি নিজে কেতিয়াও নাজানে যে মই কোন?? তুমি দুখি নহয়,,তুমি সকলোতকৈ সুখি,তোমাৰ পৰিয়ালৰ বাবে,,অাপোনবোৰৰ বাবে,,এবাৰ তেওলোকৰ ইচ্ছাবোৰক পূৰণ কৰিব চেষ্টা কৰাচোন।।তোমাৰ সফলতাত তেওলোকৰ মুখত যি হাহি বিৰিঙিব,,সেই হাহিতেই তুমি সকলো সুখ বিছাৰি পাবা।।যদি কোনোবাই নিজৰ অাপোনবোৰৰ মুখত সুখ দেখি সুখি হ'ৱ নোৱাৰে,,সচাকৈ সিহে বহুত দুখিয়া।। ঘৰৰ সকলোবোৰৰ বাবে দায়িত্ব অাছে তোমাৰ,,সেই দায়িত্বৰ পৰা কেতিয়াও তুমি পলাব নোৱাৰা,স্বাৰ্থপৰ হ'ব নোৱাৰা…………হাতৰ অাঙুলী পাচটা সমান নহয়,ইয়াৰ অৰ্থ এইটো নহয় যে সিহত বোৰ অলাগতিয়াল…………জীৱনৰ দায়িত্ব তোমাৰ অাঙুলীকেইটাই বুজাই।।……………মনত ৰখা উচিত,,সকলো কামতে টকাই যে সকলো সেইটো হ'ব নোৱাৰে,,টকা ভালেই হওক বা বেয়া কামেৰেই হওক উপাৰ্জনটো সকলোৱে কৰে,কিন্তু সন্মান,মৰম চেনেহ গোটাব সকলোৱে নোৱাৰে।।চেষ্টা কৰা………এদিন সুখি নিজেই হ'বা……।।ধন্যবাদ………

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা