স্বাদ- (চুটি গল্প)
স্বাদ- (চুটি গল্প)
.
পিঠি লৈকে চুলি থাকিব লাগিব! চাউত ইণ্ডিয়ান চিনেমাৰ নায়কৰ দৰে শলা শলা দাড়ি থাকিব লাগিব! ছালমান খানৰ দৰে বডি থকা হ'ব লাগিব। ক্লাছ টেনত পঢ়ি থকা ছোৱালীজনীৰ সপোনৰ ৰাজ্যত বিচৰণ কৰে এনেকুৱা এজন ৰাজকুমাৰে।
.
প্ৰেমিক হ'ব লাগিব! ধুনীয়াকৈ হাঁহিব পৰা হ'ব লাগিব! গল্প-কবিতা লিখিব পৰা হ'ব লাগিব।
ছোৱালীজনী তেতিয়া HS 2ND Yearত! মনত প্ৰেমে ভুমুকি মাৰিছে।
.
ভাল চাকৰি থকা হ'ব লাগিব! ভদ্ৰ তথা ভাল পৰিয়ালৰ হ'ব লাগিব।
তাইৰ বিয়াৰ কাৰণে পাত্ৰ চোৱা আৰম্ভ হ'ল! সেয়ে ছোৱালীজনীয়ে তাইৰ মাকক কথাকেইটা ক'লে।
.
ছোৱালীজনীৰ স্বামী বেংকৰ মেনেজাৰ! মানুহজন বৰ শকত, আনছাইজ বডি! প্ৰচুৰ ধন-সম্পত্তি আছে, বেয়া নহয়। মূৰত চুলি কম! শাৰীৰিক সম্পৰ্কত ভালপোৱা কম, চাহিদা বেছি। সন্তান এটা হৈছে! সম্পূৰ্ণ যান্ত্ৰিক জীৱন ছোৱালীজনীৰ।
.
ধুনীয়া কবিতা আবৃত্তি কৰিছিল ল'ৰাটোৱে! মাজে-সময়ে পাঞ্জাবি পিন্ধি কলেজত আহিছিল। ভেলেন্টাইন ডে'ত হঠাৎ প্ৰ'পোজ কৰি দিছিল ছোৱালীজনীক। একে বয়সৰ, সেয়ে ধৰিব পৰা যায় সম্পৰ্কৰ লাইফ নাই বুলি! ছোৱালীজনীয়ে না কৰি দিছিল তাক, আৰু ভাল ল'ৰা পোৱাৰ আশাত। এতিয়া শীতল ৰাতি মাজে-সময়ে ল'ৰাটোৰ কথা মনত পৰি যায় ছোৱালীজনীৰ। বহুত শান্ত আৰু ভদ্ৰ আচৰণৰ আছিল! কুমলীয়া কণ্ঠেৰে কথা পাতিছিল। চকু দুটা বহুত ধুনীয়া আছিল ল'ৰাটোৰ! বহুত সপোন দেখিছিল। কেছুৱাটোৱে হঠাৎ কান্দি উঠাত! ভাৱনাৰ জগতৰ পৰা উভতি আহিল তাই।
এটা দীর্ঘশ্বাস এৰি কেছুৱাটোক বুকুলৈ টানি নিলে!
.
ছাবিৰ আহমেদ
Comments
Post a Comment
ধন্যবাদ