কেতিয়াবা জীৱনক লৈ বৰ অশান্তি হয়………
কেতিয়াবা জীৱনক লৈ বৰ অশান্তি হয়…………তোমাৰো হয়………
মন যাই চাগে সেই মুহুৰ্তত যেন সকলোকে এৰি পলাই যাবা কোনোৱে বিচাৰি নোপোৱা এখন ঠাইলৈ।।……………
দুখবোৰেও এনে ভাবে হেছা মাৰে যেন উষাহ ল'বৰ বাবে শক্তিকণও নোহোৱা
হয়।।কোনোবাই ওচৰত অাহি,,ধৰ্য্য ধৰচোন সকলো থিক হৈ যাব,,তেনেকৈ
কোৱাৰ লগে লগেই হয়টো খঙত মূৰৰ চুলি ডাল ডাল হৈ যাই।।কাৰণ তুমিহে
জানা তোমাৰ সমস্যা কিমান ডাঙৰ।।তোমাৰ ঠাইত যদি,তোমাক ধৰ্য্য ধৰিব
দিয়াজন থাকিলহেতেন,,সি হয়তো কেতিয়াবাই হাৰ্টফেইল হ'লহেতেন।।
কিন্তু তুমি মই কৰিম কি??
জীৱনতো জীয়াই ৰাখিবই লাগিব।কাপুৰুষৰ দৰেতো অাত্মহত্যা কৰিব
নোৱাৰা।।নে ৰঙা কাপোৰ এখন মেৰিয়াই লৈ ৰাস্তাৰে ঘূৰি
ফৰিবা,,শম্ভু,শিব শম্ভু।।
নোৱাৰা বা নোৱাৰোও তেনে কৰিব,,,জীৱন তেনে নহয়,,মানুহৰ জীৱন উকা বহী এটাৰ দৰে
খালী,,একো লিখা নাথাকে।।তুমি নিজেই লিখিব লাগিব,,যিমান কষ্ট নহওক
কিয়,,যিমান সমস্যা নাথাকক কিয়,,হয়তো কেতিয়াবা লিখোতে চিঞাহীও
শেষ হৱ পাৰে তথাপিও কিন্তু লিখিবই পাৰিব লাগিব।।মনত অাছেনে সৰু
কালিৰ তোমাৰ সমস্যাবোৰ,,যেতিয়া ক্লাছ ওৱানত এ ,বি, ছি ,ডি,মাতিব
বা লিখিব পৰা নাছিলা,,সেই বয়সত সেইতোৱেই তোমাৰ বাবে বৰ ডাঙৰ
সমস্যা অাছিল।।তাৰ পিছত অাকৌ ক্লাছ টু পালা,তাতে অাৰু অলপ বেছি
সমস্যা অাহিল।এনেকৈয়ে সমস্যাৰ লগত যুদ্ধ দি দি তুমি সফল হৈছা,হয়টো মইও,,
এটিয়াতো তোমাৰ সেই ক্লাছ ওৱানৰ সমস্যা তোমাৰ অাংগুলিৰ টিকিলাৰ
দৰে হৈ গৈছে((ছুটকি মে))নহয়নে??সমস্যাৰ লগত যুজ দি দি মানুহৰ
সমস্যাবোৰ এটা সময়ত বহু সৰু হৈ যাই।।তেতিয়াহ'লে,,তুমি এটিয়া অাকৌ
কিয় হাৰ মানিছা ।সৰুতে যেতিয়া পঢ়িব পৰা নাছিলা মনত অাছেনে,,বেতৰ
কোব অাৰু গালিবোৰ।।তেতিয়া সেই ভয় লাজ বোৰেই অামাৰ বাবে অাগুৱাই
যোৱা পথ অাছিল।এতিয়া তাৰ পৰিবৰ্তে তোমাৰ অাগুৱাই যোৱাৰ পথ কি
জানা,,,তোমাৰ সমালোচনা,,তোমাৰ ভালদেখিব নোৱাৰা,,তোমাক
দেখিলে হাহি মাৰি ঠাট্টা কৰা,,সেইবোৰেই বেতৰ কোব অাৰু গালি।।
অাইনষ্টাইনে এষাৰ কথা কৈছিল,,,মোক সেই সময়ত সহায় অাৰু নোৱাৰো
বুলি কোৱা কেইজনলৈ ধন্যবাদ,অাজি তেওলোকৰ বাবেই মই কামতো অকলে
কৰিবলৈ সক্ষ্যম হ'লো।।
অাৰু বেছিকৈ নকও,,কথা ক'লে শেষ নহয়,,,শেষত অনুৰোধ জীৱনৰ পৰীক্ষাত যি হোৱা নিজেই হ'বা ,,কিন্তু ,,
কাৰো জীৱনৰ নকল নকৰিবা,,কাৰণ প্ৰত্যেকৰে জীৱনৰ
প্ৰশ্নকাকট বেলেগ বেলেগ,,যুজ বেলেগ বেলেগ…………হয়টো সমস্যাও বেলেগ…………ধন্যবাদ।।ধন্যবাদ………
<<বিকি কাশ্যপ>>
Comments
Post a Comment
ধন্যবাদ