Posts

Showing posts from November, 2016

তোমালৈ বুলি …

তোমালৈ বুলি ……………… যান্ত্ৰণাবোৰ কম হোৱা যেন অনুভব হ'লেও কিছুমান সময়ত বৰফৰ দৰে গোট মাৰি থকা স্মৃতিবোৰে মনক বৰ অামনি দিয়ে।। মৰমৰ কুশলে অাছানে? বহু বছৰেই হ'ল তোমাৰ খবৰবোৰ নোপোৱা,মই জানো তুমি মোক বেয়া পোৱা ,হয়টো এটিয়াও বেয়া পোৱা।। তথাপি বৰ অাশা কৰিছিলো, এদিন হ'লেও বেয়া পোৱাবোৰ ভালপোৱালৈ সলনি হ'ব। কিন্তু, ভবা ধৰণে যদি সকলো সলনি হ'লহেতেন, কোনো কথাই নাছিল।। সেইসময়ত পাহৰি পেলাইছিলো যে, জীৱনত সকলোবোৰ সহজ হ'লেও কাৰোবাৰ হৃদয়ত ঠাই বিচাৰি উলিওৱাটো যে বৰ কঠিন। তথাপি কোনো অাপত্তি নোহোৱা কৈয়ে মই অাজিও তোমাকেই ভালপাও,, সেই ডেৰফুটিয়া,ৰঙা ৰঙৰ চুইজাৰ পিন্ধি ৰঙতে ৰাঙলী হৈ নাচি বাগি থকা চঞ্চল ছোৱালী জনি।। সচাকৈ শুধিছো কুশলে অাছানে?……… বৰ কষ্ট হয় জানা তোমাৰ খবৰ মই ল'ব নোৱাৰিলে,,ভয় হয় এই সংঘাতৰ পৃথিবীখনত তোমাৰ হৃদয়তো জানো চেকা পৰে।।কোনোবাই যদি খেলাৰ পুতলাৰ দৰে তোমাকো ব্যৱহাৰ কৰে…………বৰ কষ্ট হয় জানা, বেছি বিশ্বাস কেতিয়াও কোনো মানুহকে নকৰিবা দেই,,পৰিমানত কৈ যদি সকলোবোৰেই বেয়া ,নিশ্বই বেছি বিশ্বাসো বেয়া হ'ৱ,নহয় জানো সোণ।। অাজিলৈ এৰো, সময় পালে জনাবাচোন তোমাৰ খবৰ বেয়া পালেও,লিখিবা তু...

"বেশ্যাৰ আৰ্তনাদ

"বেশ্যাৰ আৰ্তনাদ" . জানা, মই না বহুত সাজিব লাগে মোৰ গোটেই চেহেৰাত পিঠিত বহুত জ্বলে তথাপিও শৰীৰত সস্তীয়া পাউডাৰ সানিব লাগে। জানা, গৰমত মোৰ উশাহ বন্ধ হৈ যায় তথাপিও চকমকীয়া শাৰীখন পিন্ধিব লাগে। সেয়া নকৰিলে কোনেও মোৰফালে ঘুৰি নাচায়! অনিচ্ছা সত্ত্বেও মই মোৰ ব্ৰা দেখুৱাব লাগে শাৰীৰ আচল সচলা কৰি ৰাখিব লাগে নহলে কোনোমতেই বিক্ৰী নহওঁ মই। জানা, মোৰ গাত অসংখ্য চিগাৰেটৰ পুৰা দাগ সুখৰ সাগৰত ডুবালেও মই লাথ খাবলগীয়া হয়! সেয়া নকৰিলে যে সিহঁতে তৃপ্তি নাপায়! জানা, আজিৰ পৰা ১১ বছৰ আগত এখন উপন্যাসত মই মোৰ নিচিনা এজনী বেশ্যাৰ কাহিনী পঢ়ি কান্দি দিছিলো এতিয়া তোমালোকৰ সেই উপন্যাসবোৰ পঢ়িবলৈ মোৰ বিৰক্তি লাগে! বেশ্যাৰ বিৰক্তি। কি হাস্যকৰ নহয় না। চিনেমা আৰু উপন্যাসত তোমালোকে বেশ্যাৰ প্ৰতি যিমানখিনি দয়া দেখুওৱা তাৰে এক শতাংশ দয়া বাস্তৱত কৰিলে মই কিন্তু মাহেকত এবাৰো সস্তীয়া ক্লিনিকত যাবলগীয়া নহল হেতেন। ৰাতি তোমালোকে মোক যিমানখিনি মৰম কৰা তাৰে অলপ শ্ৰদ্ধা দিনত কৰিবা মোৰ কাৰণে নহয়... মোৰ বৃদ্ধ দেউতা আৰু সৰু বাবুটোৱে নাখাই থাকিলে মোৰ বহুত কষ্ট হয়। মোক বাইদেউ অথবা ভন্টি বুলি মাতিব নালাগে না...

জীৱনৰ বাবে কঠিন সময়

জীৱনৰ বাবে কঠিন সময়,যি সময়ত মানুহে কৰিবলৈ একো কাম বিচাৰি নাপায়,,সময়ৰ সৈতে যুজ দি হাৰ মানি মনৰ মাজতেই কান্দি কান্দি অৱশেষত সকলোৰে অৱহেলাৰ পাত্ৰ হ'ব লগা হয়।।………… অানৰ মুখত হাহি দিব পৰা মানুহজন হঠাৎ মৌন হৈ যাই,,সকলোৰে লগত মিলাপ্ৰীতিৰে জীয়াই থাকিব বিচৰা মানুহজন লাহে লাহে নিজৰ মাজতেই হেৰাই,সকলোৰে পৰা বহু দূৰ অাতৰিবলৈ বাধ্য হৈ যাই।। কি নাছিল সেইজনৰ,এসময়ত তেওৰ অবিহনেতো কাৰোৰে একো ভাল লগা নাছিল অাৰু অাজি সজলোৱে তেওৰ অৱিহনেই জীয়াই থাকিব শিকি গ'ল।।………… সেই মানুহ জনৰ মনৰ অনুভৱ………মই অলাগতিয়াল নহয় বন্ধু,,অাজিৰ দিনত মই বেয়াৰ উদাহৰণ,,সকলোকে ভালপাই,সকলোকে নিজৰ বুলি ভাবি লোৱাতো অজিৰ দিনত অপৰাধ,তাৰেই উদাহৰণ অাজি মই।। সকলোৰে জীৱনত এনে এটা সময়ে হাহাকাৰ লগাই যাই,য'ত এদিন হ'লেও তেও অনুভব কৰে যে তেও একোৰে নহ'ল বা তেও কাকোকেই সুখি কৰিব নোৱাৰিলে,, ভুল ভাব নে শুদ্ধ নাজানো যদিও মোৰ জীবনত তেনে ভাব যেতিয়া অাহিছিল তেতিয়া এটাই উত্তৰ পাইছিলো যে মই নিজে সুখি নহয়,মোক ভালপোৱা মানুহবোৰক মই নিজে দুখি হৈ বহু কষ্টত ৰাখিছিলো,,নোপোৱাবোৰৰ পিছত দৌৰি দৌৰি ভাগৰ লগাত উভতি চকুত পৰিল যে মই দেখোন বহু জনক পিছ পেলাই...

প্ৰেম কৰাটো কোনো ডাঙৰ কথা নহয় ..

ভালপোৱা বা প্ৰেম কৰাটো কোনো ডাঙৰ কথা নহয় .. ইয়াত কোনো ধৰণৰ অপৰাধ নাই .. অপৰাধ তেতিয়া হয় যেতিয়া সেই সম্বন্ধ বোৰক তুমি বিশ্বাসঘাটকতাৰ ৰূপ দিবা .. এখন কোমল হৃদয়ৰ সেই নিস্বাৰ্থ প্ৰেমক আঘাত হানিবা ..! প্ৰেমত বিশ্বাস অথবা বুজাবুজি এই সকলো নিশ্চয়কৈ লাগে ... কিন্তু এখন হৃদয়ৰ যেতিয়া সহস্ৰ সপোন বোৰ তুমি ভাঙি চোৰ মাৰ কৰিবা .. তেতিয়া হয়টো তাই বা তেওঁ ভৱিষ্যতে আগুৱাই যাবলৈ কিবা ভয় ভয় কৰিব .. নিজক কেনেকৈ সান্তনা যাচিব হয়টো তেওঁৱেই কল্পনা কৰিব নোৱাৰিব । আনৰ পৰা সদায় লুকাই থাকিবলৈ যত্ন কৰিব ... নিজ বুলিবলৈ জীৱনৰ সেই স্মৃতি কোঠালিত মাথোঁ বেদনাই আগুৰি পৰিব .. আৰু সদায় নিজকেই দুখাৰূপ কৰিব .. হয়টো মই প্ৰেমত পৰিবই নালাগিছিল .. মোৰ বাবে প্ৰেম যেন এক সীমাহীন যান্ত্ৰণা । ============*============ ধন্যবাদ লিখক প্ৰীতম আৰ ডেকা

সপোনবোৰ তেনেকৈয়ে দীঘল হয়

সপোনবোৰ তেনেকৈয়ে দীঘল হয়,প্ৰতিশ্ৰুতি ৰ ফল্গুধাৰাৰ সৈতে।সপোনবোৰে উজাগৰী কৰি তোলে মায়াবী নিশাবোৰ,জীৱন হৈ পৰে সুবিমল,অনিৰ্বচনীয়।জীয়াই থকাৰ বাসনাই পৰিপূৰ্ণ কৰি তোলে মনৰ নিজান।। : এদিন সপোনবোৰ ভাগি যায় ঠুনুকা কাঁচৰ দৰে।ভগা সপোনৰ টুকুৰাবোৰে বৰ বেয়াকৈ যন্ত্ৰনাবিদ্ধ কৰে সপোন সঁচা নিৰলা হৃদয়ৰ ইপাৰ সিপাৰক।জীৱনে যেন হেৰুৱাই পেলাই জীয়াই থকাৰ বাসনা।মৃত্যু নামৰ শাশ্বত সত্যতোৱে বাৰে বাৰে ভিৰ কৰেহি দুচকুৰ আগত।হৃদয়ৰ মাজত সৃষ্টি হয় প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ,জয় পৰাজয়ৰ ধুমুহা।। : তথাপিও যন্ত্ৰনাৰে বাকৰুদ্ধ হৃদয়খনে জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে মহিয়ান হয়। সপোন ভাঙি থৈ যোৱাসকলে নাজানে বিষাদৰ চকুলো,হৃদয়ৰ হাঁহাকাৰবোৰৰ কথা।জানিলেও নুবুজে।কিন্তু যিসকলে বুজে আমাৰ অন্তৰাত্মাৰ ভাষা,তেওঁলোকে কেতিয়াও চকুলো টুকিব নিদিয়ে আমাক।পৃথিৱীৰ সমস্ত সুখ দিব নোৱাৰিলেও দুখ পাবলৈ নিদিয়ে কেতিয়াও।তেন্তে কিয় হতাশ হও আমি।অন্ততঃ তেওঁলোকৰ বাবে প্ৰাণখুলি জীয়াই থাকিম যিসকলে আমাক জীৱন দিয়ে,ওঁঠত অলপ মাথো হাঁহি বিৰিঙাই,যিসকলে সমস্যাবোৰ আঁতৰাই দিব নোৱাৰিলেও প্ৰত্যাহ্বানৰ সাহস দিয়ে আমাক,মৰমভৰা সান্তনাৰে সৈতে কয় যিসকলে-...

জীৱনটো একো একোটা প্ৰশ্নই নহয় জানো ..?

জীৱনটো একো একোটা প্ৰশ্নই নহয় জানো ..? পৃথিৱীত এনেকুৱা এজন নাই যিয়ে কব পাৰিব , অ মোৰ জীৱনটো সচাকৈয়ে সম্পূৰ্ণ !! নাই নহয় জানো , সচাকৈয়ে নাই আৰু হবওঁ নোৱাৰে , কাৰণ মানুহৰ জীৱনটো একোখন সাগৰৰ দৰেই , যিমানেই বস্তু পেলাই নাথাকা , ই দ' দ'য়েই হৈ থাকিব ! কিন্তু সেই প্ৰশ্ন বোৰৰ লগতেই আমি জীয়াই থাকিব লাগিব , মৰম ভালপোৱাৰ মাজত দুখবোৰকো আকোঁৱালি লৈ থাকিব লাগিব ...!! জীৱনৰ মাজ ভাগত সঙ্গী ৰূপে কাৰোবাৰ পোৱা যায় , যিয়ে তোমাক জীয়াই থকাত সহায় কৰে ..... কিন্তু কলোৱেই নহয় ...... জীৱনটো ঘাত প্ৰতিঘাতৰ ৰূপ , হেৰাই যায় তেওঁ তোমাৰ জীৱনৰ পৰা , এই সংসাৰৰ পৰা , হয়টো কিছুমানৰ জীৱনৰ পৰা , কিন্তু সেইবুলি আমি নিজকে জানো হেৰুৱাই পেলোৱাটো উচিত , হয় বহুত কষ্ট , তেওঁৰ বা তাইৰ অবিহনে সময় কটোৱা , কিন্তু কি কৰিবা , এয়াই হবলগা আছিল আৰু হৈ গল !! >> প্ৰীতম আৰ ডেকা

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা

সকলোৰে জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা কোনোবা নহয় কোনোবা এজন থাকে ! যাক আমি অধিক বিশ্বাস কৰো , অধিক মৰম কৰো আৰু ভালপাওঁ ❤ যাৰ বাবে আমি সকলোবোৰেই কৰিব পাৰোঁ , তেওঁৰ সুখৰ বাবে যিকোনো কৰ্মই হাতত তুলি লওঁ , দুখত সান্তনা আৰু সুখত সাৰথি হিচাপে ৰৈ পৰোঁ !! কিন্তু সেই মানুহজনে যেতিয়া তোমাৰ ওপৰত সন্দেহ জনক দৃষ্টিৰে চাব , তোমাৰ ওপৰত খং কৰিব , অযথা কাৰণত কোহাল কৰিব , হয়টো অত্যন্ত কষ্ট হয় সেইসময়ত !! যেতিয়া তেওঁৰ ভালপোৱাক কোনোবা দোকানৰ বস্তুৰ সৈতে উদাহৰণ দি ডাজবিনৰ অলাগতিয়াল বোৰৰ সৈতে পেলাই দিয়া হয় ! খুব সহজতেই আমি প্ৰিয় জনৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি পেলাওঁ , নাজানোঁ কিন্তু কিয় কৰো হয়টো এই প্ৰশ্নৰ উত্তৰত তুমি নিমাত হৈ ৰবা , কাৰণ তুমি নিজেই নাজানা , আনৰ অনুভব বোৰক সন্মান কৰিব নাজানা , ভালপোৱাক মাত্ৰ এটা খেল বুলিহে গণ্য কৰা ! বন্ধুৰ আগত লেবেল দি ভাল পোৱা " এইজনী মোৰ ex girlfrnd আছিল , শেষত কৈ দিবা , একদম ফাল্টু !! এতিয়া প্ৰশ্ন হয় যে ," যদি গমেই পাইছিলা তাই ফাল্টু বুলি তেন্তে তাইক এটা সময়ত ভাল পাইছিলা নো কিয় .?" অনুগ্ৰহ কৰি ইমান নিষ্ঠুৰ নহবা , আনৰ অনুভৱৰ সৈতে খেলা নকৰিবা , যদি কা...

মই দুখিয়া,,,

মই দুখিয়া,,,জীৱনত এই ভাব তোৱেই মানুহৰ বাবে হাৰি যোৱাৰ প্ৰথম চাবিকাঠি।। যাৰ বাবে মানুহৰ মন দূৰ্বল হয়।। মোৰ বহুত দুখ,,,জীৱনত এইতো এটা ভাবেই থকাবোৰো হেৰোৱাই পেলোৱাৰ ৰাস্তা।। ...

সপোনবোৰৰ বাবেই আমি জীয়াই থাকো,

সপোনবোৰৰ বাবেই আমি জীয়াই থাকো, আৰু যেতিয়া সপোনবোৰ ভাগি যায় থুনুকা কাঁচৰ দৰে, আমাৰ বাবে অপ্ৰিয় হৈ পৰে সপোনতো বাস্তৱৰ প্ৰৰোচনাত। : কাঁচ এটুকুৰা ভাগিলে শব্দ হয়, কষ্ট কম হয়। কিন্তু যেতিয়া সপোন ভাগি যায় শব্দ নহয়, কিন্তু অবৰ্ণনীয় কষ্ট হয়। সেইবাবেই হয়তো সপোনবোৰক মাজে মাজে অৱহেলা কৰো। স্বাৰ্থপৰ আমিবোৰ, পূৰ নোহোৱা সপোনবোৰ মনৰ মাজত আলফুলে ৰাখিবলৈও আমাৰ আহৰি নাই। সপোন দেখো বাবেই জীৱনতো ইমান ধুনীয়া আমাৰ। সপোনে আমাক প্ৰেৰণা দিয়ে। মৰূৰ মাজত এটিপাল পানীৰ দৰে সপোনবোৰ। জীৱনৰ হতাশাৰ সময়বোৰত সঞ্জীৱনী সপোন। সপোন আছে বাবেই আমি হাঁহিবলৈ পাহৰা নাই। : সপোন পূৰ্ণ নোহোৱাৰ আক্ষেপত সময়ৰ সমাধিক্ষেত্ৰত সমাধিস্হ কৰিলে কষ্ট পায় হেৰাই যোৱা সপোনবোৰে। পূৰ্ণ ন'হলেও সপোনবোৰক আমি সপোন কৰিয়েই মনৰ কোনোবা ৰিক্ত কোণত সপোনবোৰ সযতনে ৰাখিলে সপোনবোৰে উচুপিবলগা নহয়। সপোন সপোনেই, অপূৰণীয় সপোনতোক সমল কৰিলে ই সঁহাৰি দিব নতুন সপোন দেখিবলৈ, জীয়াই থাকিবলৈ, নতুন সপোন পূৰাবলৈ। অপূৰ্ণ সপোনবোৰ অৱহেলাৰ ডাষ্টবিনত দলিয়াই দিলে, জীৱনৰ বিয়লি বেলাত যেতিয়া সেইবোৰৰ বিননি শুনিম, তেতিয়া হয়তো অনুভৱ কৰিম- "সপোনক অৱহেলা কৰি একোৱেই নাপালো জীৱনত।...

এদিন সকলোৱে…

এদিন সকলোৱে…… নিজৰ মনৰ মানুহজনক/জনিকো স্মৃতিৰ টোপোলা এটা বনাই হৃদয়ৰ কোনোবা এটা কোণত জীয়াই ৰাখি অান এজনক চিৰদিনৰ বাবে অাকোৱালী লোৱাৰ সময় অাহি পৰিব।। অৰ্থাৎ সেইদিনটোত তুমি একেবাৰেই খাটাং হৈ পৰিবা যে,তোমাৰ মনৰ মানুহজনক তুমি চিৰদিনৰ বাবে হেৰুৱাই পেলাইছা। সকলোবোৰ, মা দেউতা বা ডাঙৰজনৰ ওপৰত জীৱনৰ সকলো দায়িত্ব অৰ্পণ কৰি দিয়াৰ সময় অাহিব……কাৰণ তোমাৰ বিশ্বাসৰ মানুহজনে কেতিয়াবাই তোমাক অকলশৰে এৰি অান এজনৰ সৈতে সুখৰ সন্ধান বিচাৰি গৈছে।। সেয়েহে তোমাৰ মনেৰে অাৰু অান এজনক বিশ্বাস কৰাৰ শক্তি তোমাৰ হাতত হয়তো নাই………মথো সংসাৰৰ নিয়ম বা দায়িত্ব পালন কৰিবৰ বাবেহে তুমি অাগবাঢ়িছা।। মনতে হয়তো ভাবিছাও……মৃত মানুহৰ জানো বিবাহ সম্ভব……কাৰোবাক অাকোৱালি লোৱাৰ মিছা অভিনয়ত জানো মই কেতিয়াবা সফল হম?? হাজাৰ হাজাৰ প্ৰশ্নই অাগুৰি ধৰিব তোমাক…………কেতিয়াবা অাত্মহত্যাৰ দৰে মহাপাপৰ কথাও মনলৈ অাহিব……কিন্তু নিজৰ মানুহবোৰৰ মুখখনলৈ চাই তুমি হাহি হাহি হয়তো ক'ব বাধ্য যে,মই সুখি,তোমালোকৰ সিদ্ধান্তত।। কেতিয়াবা ভবা যাইনে………কিয় নিজৰ মনৰ মানুহজনক পোৱাতো অসম্ভব হৈ পৰে।।বাৰে বাৰে ভালপোৱাৰ প্ৰতিদানত কিয় অৱহেলা পোৱা যাই।। সৰুতে শুণিছিলো………সম্...

এটি অনুভব…

এটি অনুভব…………… ……………… অামি সকলোৰে বাবে মিছলীয়া…………এজনি চলনাময়ী………পুৰুষক টকাৰ বাবে বিশ্বাস ঘাটকতা কৰা অামি এটা যন্ত্ৰ।। সেইবোৰ মনোভাবৰ কাপুৰুষ জনক সুধিব বিচাৰিছো……………কি জানে তেও ছোৱালীৰ বিষয়ে…………………কি দেখিছে…………? ৰাস্তাই ঘাটে চকুৰে ধৰ্ষণ কৰি ককালৰ ভাজত শৰীৰৰ পবিত্ৰতাক ওজন কৰা সেই কাপুৰুষ বোৰে, অান্ধাৰত কিমানে মুখ ক'লা কৰি মদৰ ৰাগিত কোনোবা ছোৱালীৰ অভাবৰ সুবিধা গ্ৰহণ কৰিছে,তাৰ হিচাপ কোনো এজন পুৰুষে কিয় নলয়!!মাত্ৰ অামিবোৰ মিছলীয়া……………। অাগৰ পৰাই পুৰুষ সকলৰ শাৰিৰীক অাৰু মানসিক ভাবে নিৰ্যাতনৰ সাক্ষি নাৰী জাতি………কেতিয়াবা গৰ্ভতেই নষ্ট ,কেতিয়াবা যৌতুকৰ নামত জীয়াই জীয়াই জ্বলাই দিয়াৰ শাস্তি অাকৌ কেতিয়াবা ব্যক্তিগত অাষেজ পূৰণ নোহোৱাৰ স্বাৰ্থত ডাইনী সজাই হত্যা।। এইবোৰত কিয় কোনেও মাত নামাতে……………মাত্ৰ অামি চলনাময়ী।। যৌৱনৰ পেনপেনিয়া প্ৰেমত কোনোবা এজনি সলনি হ'ল বুলিয়েই…………… কোনোবা এজনি, চাকৰি নথকাৰ বাবে চাকৰি থকা ল'ৰা এজনৰ লগত বিয়া হ'ল বুলিয়েই সকলো নাৰী জাতি বিশ্বাসঘাটক নহয়।। অাৰু পুৰুষ জাতিতোৱে কি বিশ্বাসৰ কথা কয়………………… যাৰ জীৱনত বিশ্বাসৰ ''ব'' শব্দতোও বিৰাজমান নহয়…………ক...

: ৰুদ্ৰ!

: ৰুদ্ৰ! কি হ'ল? তুমি আজিকালি মোৰ ফোন ৰিচিভ নকৰা, ফেচবুকত মেছেজ দিলেও ৰিপ্লাই নকৰা। - কি কোৱা! এতিয়াও তো ৰিপ্লাই দিলোঁ। : না! এইজন মোৰ সেই ৰুদ্ৰ নহয়। যোৱা ৪ বছৰ ধৰি দীৰ্ঘশ্বাস আ...

ক্ৰীং ক্ৰীং .... ক্ৰীং ক্ৰীং...

ক্ৰীং ক্ৰীং .... ক্ৰীং ক্ৰীং... . : হেল্ল! তুমি এতিয়াই হোজাইত আহিব পাৰিবানে? - কিয়? : তোমাক চাবলৈ মন গৈছে। - অলপ পিছত তো অফিচৰ পৰা ঘৰত যামেই। : তোমাক ফ্ৰী দেখি মজা নালাগে, আগতে লুকাই লুকাই দেখিছিলো কি মজা লাগিছিল ৱাহ...। - অঃ বুজিলো! মই পুৰণা হৈ গ'লো না? : উফ... কামোৰ নিদিবা না! ওলাই আহা... ব্লু চিল্কী কলা মেখেলা চাদৰ যোৰ পিন্ধি আহিবা। - এই গৰমত? : তাতে কি হ'ল? আগতেচোন কৈছিলা মোক দেখিলে তোমাৰ সকলো শান্তি হৈ যায়। - সেইটো কৈছিলো কেৱল তোমাৰ নিৰ্লজ্জ হাত দুয়োখনক বাধা দি ৰাখিবলৈ। : বিশ্বাস কৰা, আজিও মোৰ হাত দুয়োখনে তোমাক সেই অন্ধকাৰ গলিটোত বহুত মিছ কৰে। - জানো! মইও মিছ কৰো ঘামত লুতুৰি পুতুৰি খোৱা তোমাক। : আজি সকলো আশা পূৰণ হ'ব। - মই কিন্তু চুলি খুলি আহিম। : মইও ৰঙা গোলাপ এপাহ লৈ অপেক্ষা কৰিম। - তুমি কিন্তু চিগাৰেট হুপি থাকিবা। : আৰু তুমি অহাৰ আগতেই লুকুৱাৰ ভাও জুৰিম। - আৰু মই খঙতে উভতি যাব ধৰিম। : আৰু মই ঠিক তেতিয়া পকেটৰ পৰা তোমাৰ কাৰণে অনা সোণৰ কাণফুলি উলিয়াই চনচন শব্দ কৰিম। - তুমি কেনেকৈ জানিলা মোৰ কাণফুলি হেৰাল বুলি? : যেনেকৈ তুমি জানা মই লুকাই লুকাই চিগাৰেট খাওঁ। - মই...

ঐ শুন...

-ঐ শুন... -ক? -কেনে আছ ? -দেখা নাই নেকি ? -দেখিয়েই কব ধৰিব পাৰি নেকি ? -চেষ্টা কৰি চা... -মই সেইবোৰ নাজানো.. -জাননো কি ? -বস্তু এটা জানো । -কি ? -তোক নকওঁ । -এহ ক না । -তোক কব নোৱাৰি । -কি এনে ডাঙৰ কথাটো । মোক কচোন । মইয়ো শুনো । -তই বেয়া পাবি । -কিয় ? -সেইটো তইহে জানিবি । -বেয়া নাপাওঁ । এতিয়াটো ক ? -মানে...মানে.. -মানে মানেইয়ে কৰি থাকিবি নে কিবা কবি ? -ভাবিছো ৰহ -বাদ দে । -হুমম... -আকৌ কি হুমম হাম কৰি আছ হা ? -তোক ভাল পাওঁ -কি কলি ? -এহ বাদ দে -কি কলি ক না আকৌ -সাধাৰণ কথা এটাও নুশুননে ? -সাধাৰণ কথা এটাও তই আকৌ এবাৰ কব নোৱাৰনে ? -এহ বাদ দে না । তোক ভাল পাওঁ । অকে -তাতে মই কি কৰিম ? -আৰে মোকো ভাল পা না__ -তোক আকৌ মই কিয় ভাল পাম ! -কিয় ভাল নাপাবি হা ! -উপায়তো নাই -কি ? -তই ভাল পালি যেতিয়া বেলেগক ভাল নাপাওঁ আৰু দে । -মানে ? -আই লাভ ইউ টু বুদ্ধু -অহ ৰিয়েলী ! আই অলচৌ টু বুদ্ধী ।

আত্মহত্যা কৰি ভালপোৱাৰ প্ৰমাণ দিব নাযাবা

আত্মহত্যা কৰি ভালপোৱাৰ প্ৰমাণ দিব নাযাবা , আত্মহত্যা কৰি তোমাৰ প্ৰকৃত প্ৰেম ঘৃণাৰ প্ৰাত্ৰ কৰি নুতুলিবা , পাৰা যদি সেইজনৰ বিপৰীতে তুমি যুদ্ধ কৰা , তৰোৱাল লৈ যুদ্ধ কৰা মানেই যে যুদ্ধ হব সেয়া নহয় , অদৃশ্য ৰূপে যুদ্ধ কৰা !! তোমাৰ অবিহনে যেতিয়া তেওঁ জীয়াই থাকিব পাৰে তেন্তে তুমি কিয় নোৱাৰিবা , নিশ্চয় পাৰিবা কিন্তু সময় লাগিব ! কাৰণ এখন কাচ ভাগি যোৱাটো বহু সাধাৰণ কথা কিন্তু যেতিয়া এখন হৃদয়ে আন এখন হৃদয়ক ভাগিব হয়টো সেই ভগা হৃদয়ৰ আশা তথা সপোন বোৰ তেতিয়াই চুৰ মাৰ হৈ যায় , আৰু সেয়ে হয়টো এনেকুৱা আত্মহত্যাৰ পথ বাচি লয় ...!! কিন্তু এনেকুৱাটো হব পাৰে সেইজনে তোমাৰ সুখ হোৱাটো বিচাৰিয়েই কিজানি এনেকুৱা কৰিবলৈ বাধ্য হৈছিল , পলকতেই আমি এনেকুৱা এটা কাৰ্য কৰিব নালাগে যাৰ দ্বাৰা তোমাৰ চৰিত্ৰত দাগ লগাৰ সম্ভাৱনা থাকে , কাৰণ পৃথিৱীত যদি সদায় দিনেই হৈ থাকিল হয় তেন্তে মানুহবোৰে সদায় কৰ্মতেই ব্যস্ত থাকিল হয় , সেয়ে দিনৰ বাহিৰে ৰাতিও দিছে যাতে আমি আৰাম কৰিব পাৰো , ঠিক তেনেকৈ সুখৰ বাহিৰে দুখ ও আমাক দিছে যাতে অনুভৱ কৰিব পাৰো যান্ত্ৰণা বোৰ আচলতে নো কি ....? >> প্ৰীতম আৰ ডেকা

স্বাদ- (চুটি গল্প)

স্বাদ- (চুটি গল্প) . পিঠি লৈকে চুলি থাকিব লাগিব! চাউত ইণ্ডিয়ান চিনেমাৰ নায়কৰ দৰে শলা শলা দাড়ি থাকিব লাগিব! ছালমান খানৰ দৰে বডি থকা হ'ব লাগিব। ক্লাছ টেনত পঢ়ি থকা ছোৱালীজনীৰ সপোনৰ ৰাজ্যত বিচৰণ কৰে এনেকুৱা এজন ৰাজকুমাৰে। . প্ৰেমিক হ'ব লাগিব! ধুনীয়াকৈ হাঁহিব পৰা হ'ব লাগিব! গল্প-কবিতা লিখিব পৰা হ'ব লাগিব। ছোৱালীজনী তেতিয়া HS 2ND Yearত! মনত প্ৰেমে ভুমুকি মাৰিছে। . ভাল চাকৰি থকা হ'ব লাগিব! ভদ্ৰ তথা ভাল পৰিয়ালৰ হ'ব লাগিব। তাইৰ বিয়াৰ কাৰণে পাত্ৰ চোৱা আৰম্ভ হ'ল! সেয়ে ছোৱালীজনীয়ে তাইৰ মাকক কথাকেইটা ক'লে। . ছোৱালীজনীৰ স্বামী বেংকৰ মেনেজাৰ! মানুহজন বৰ শকত, আনছাইজ বডি! প্ৰচুৰ ধন-সম্পত্তি আছে, বেয়া নহয়। মূৰত চুলি কম! শাৰীৰিক সম্পৰ্কত ভালপোৱা কম, চাহিদা বেছি। সন্তান এটা হৈছে! সম্পূৰ্ণ যান্ত্ৰিক জীৱন ছোৱালীজনীৰ। . ধুনীয়া কবিতা আবৃত্তি কৰিছিল ল'ৰাটোৱে! মাজে-সময়ে পাঞ্জাবি পিন্ধি কলেজত আহিছিল। ভেলেন্টাইন ডে'ত হঠাৎ প্ৰ'পোজ কৰি দিছিল ছোৱালীজনীক। একে বয়সৰ, সেয়ে ধৰিব পৰা যায় সম্পৰ্কৰ লাইফ নাই বুলি! ছোৱালীজনীয়ে না কৰি দিছিল তাক, আৰু ভাল ল'ৰা পোৱ...

জীবনৰ কিছু সময়,,,,

জীবনৰ কিছু সময়,,,, পঢ়ি থকা জীবনতে মই প্ৰেম পাইছিলো,,কিবা অাছিল, প্ৰেমেই অাছিল নে অাকৰ্ষণ অাছিল ভালদৰে বুজিব নাপাওতেই,,মোক এৰি গুছি গৈছিল।। হঠাৎ হেৰাই গ'লো নিজৰ মাজত,, জীবনতোত বৰ অকলশৰিয়া অনুভব কৰিছিলো,,,একো কৰিব মন যোৱা নাছিল,পঢ়া শুণা সকলো ধ্বংসৰ পথত অাছিল।।ভগবানক বাৰে বাৰে অনুৰোধ কৰিছিলো,,হে ভগবান ৰাস্তা দেখুৱাওক,,,কিন্তু একো ফল পোৱা নাছিলো।। কিন্তু এদিন ৰাতি এটা সপোনে মোক জীবনতো নতুন কৈ সজোৱাত বৰ সহায় কৰিছিল।। ,,,,বৰ অাছৰিত সপোন অাছিল সেইতো,,,মই সপোনত দেখিছিলো,,যে এজন মানুহক কিছুমান মানুহে ধৰি বান্ধী বলি শালত বলি দিবলৈ লৈ গৈ অাছিল,,তেও বহুত যুদ্ধ কৰিছিল সিহতৰ লগত অাৰু সেই যুদ্ধত তেও শেষত হাৰ মানিব লগা হৈছিল,,অাৰু তেওক বলিশালত মূৰটো সুমুৱাই দিয়া হৈছিল,,,কিন্তু হঠাৎ বলিশালৰ পূজাৰীজনে ছিঞৰি উঠিছিল যে এওৰ বলি লোৱা নহ'ব কাৰণ এওৰ হাতৰ অাঙুলী এটা নাই,,,অামি যদি এওৰ বলি লও অামাক ভগবানে পাপ দিব কাৰণ এও ঘূণীয়া।। তেতিয়া তেওক সসন্মানে অাকৌ ঘৰলৈ পঠিয়াই দিয়াৰ অনুমতি দিছিল,,,তেতিয়া তাৰে এজন মানুহে সুধিছিল তেওক, অাপোনাৰ এই অাঙুলীটো ক'ত গ'ল??তেতিয়া তেও কৈছিল, মই এদিন ঘৰত দা খনেৰে কাম ...

ভালপোৱা বা প্ৰেম হৈ যায়

ভালপোৱা বা প্ৰেম হৈ যায় , প্ৰথম অৱস্থাত হয়টো কোনেও ধৰিবই নোৱাৰে , কিহৰ বাবে , কিয় , কেনেকৈ এইবোৰ হল , মাথোঁ জনা যায় বা অনুভূতি হয় , " হয়টো কিম্বা মই কাৰোবাক ভাল পাই পেলাইছো " এটা সম্পৰ্ক বজাই ৰাখিবলৈ হয়টো সকলোৱেই চেষ্টা কৰে , আৰু এনেকুৱা নিশ্চয়কৈ এটা সময়ত হৈ উঠে , এজনৰ বাহিৰে আনজন যেন থাকিব নোৱাৰে , সকলোবোৰটো ঠিকেই থাকে , তেনেস্থলত " মোক তুমি পাহৰি যাবা " এই শব্দটি বাৰু কিয় আহি পৰে ...? এক - দুই বছৰৰ সম্পৰ্ক এটা কি মাথোঁ চাৰি শব্দৰ মাজতেই সীমাবদ্ধ নেকি ...? সেইবোৰৰ বাবে মোৰ ফালৰ পৰা এটা অনুৰোধ , যি সকলে খুব সহজেই কৈ পেলাই " মোক তুমি পাহৰি যাবা ", যদি পাৰা মোৰ মৰমবোৰ উভটাই দিয়া , যদি পাৰা মোৰ তোমাৰ ওপৰত থকা বিশ্বাস বোৰ উভটাই দিয়া , যদি পাৰা , তোমাৰ বাবে সৰি পৰা এটুপি অশ্ৰু উভটাই দিয়া ....... যদি দিব পাৰা তেন্তে মই নিশ্চয় তোমাক পাহৰি যাম ...! >> প্ৰীতম আৰ ডেকা

এজনি ছোৱালীলৈ প্ৰেমৰ প্ৰস্তাব……………

এজনি ছোৱালীলৈ প্ৰেমৰ প্ৰস্তাব………………… উত্তৰত অলপ সময় বিচাৰিব…………লাহে লাহে ল'ৰাজনৰ প্ৰেমৰ মিঠা মিঠা কথাবোৰত ,,বিশ্বাসত ,,তাইও তাৰ প্ৰেমত পৰিব অাৰু উত্তৰত তাইও ক'ব……মইও তোমাক ভালপাও।।………… লাহে লাহে কথাবোৰৰ মাজে মাজে মৰম, খং অভিমানবোৰে, মনৰ মাজত মিঠা মিঠা বিষ দিব।।………তেওৰ সতেই হ'ব সকলো কল্পনা,তেওক পোৱাৰ বাবেই হ'ব চেষ্টা, সকলোৰে সৈতে যুদ্ধ,………অাৰু এদিন এই সকলোবোৰ কল্পনা,সপোন,অাশাবোৰ দেখোৱাই থকা অৱস্থাতেই কোনোবা এজন/এজনিয়ে কোনো ছিগনেল নিদিয়াকৈ জীৱনৰ পৰা হঠাৎ অাতৰি যাবগৈ,তেও দেখোৱাই দিয়া সপোনবোৰ,মৰমবোৰ কথাবোৰৰ মাজতে ৰৈ স্মৃতিৰ টোপোলা হৈ অৱশেষত ৰৈ যাই। কিয় হয় প্ৰেমত……………কিয় কোনোবাই কথা দি কথা ৰাখিব নোৱাৰা হৈ যায়,,,কাৰ ভুল,কেনেকোৱা ভুলৰ পৰিণতিত হৃদয়খন শব্দহীণ ভাবে চূৰ্ণ বিচূৰ্ণ হৈ ভাগি যাই? ইয়াৰ প্ৰধান কাৰণ সময়…………মনৰ চঞ্চলতা………বিবেকক বাদ দি অাবেগৰ বসবৰ্তি হোৱা……। প্ৰেম হৈ যাই অাৰু ই প্ৰাকৃতিক……কিন্তু তাক মুখলৈ উলিয়াই অনাটো কিমান যুক্তিসংগত যদিহে তোমাৰ নাই প্ৰেমৰ বাবে যোগ্যতা।। মনৰ চঞ্চলতাক যেতিয়ালৈকে নিজৰ কবলত অানিব পৰা নাযাই তেতিয়ালৈকে নাই তোমাৰ প্ৰেমৰ বাবে যোগ্যতা……………।। নিজৰ...

অত্যন্ত কষ্ট দিলেও

অত্যন্ত কষ্ট দিলেও , অত্যন্ত দুখ দিলেও কিয় জানো অতীতত সেই হেৰাই যোৱা গৰাকীক পাহৰিবই পৰা নাযায় ? দুখটো বহুতেই লাগে , ভাব হয় কিয় জানো এই প্ৰেম - চেম বোৰৰ মাজত সোমাই পৰিছিলোঁ , মিছাতেই ..... চেহ্ !! মাথোঁ মোৰ লগতেই বাৰু এনে কিয় হয় , ঘৃণা উপজে সেই সময়ত তেওঁৰ বা তাইৰ ওপৰত , কেনেকৈ হব পাৰে ইমান নিৰ্দয় ...? কাৰোবাৰ ভালপোৱাক কেনেকৈ কৰিব পাৰে অপমান ? অত্যন্ত ঘৃণা উপজে সেই সময়ত নিজক লৈ অথবা তেওঁক লৈ , বিশ্বাসৰ এটা পৃষ্ঠা জ্বলি উঠাৰ বাবেই গোটেই জীৱনটোৱেই অন্ধকাৰ হৈ পৰিল নহয়নে ..? তথাপিও আমি পাহৰিব নোৱাৰো তেওঁক বা তাইক , যিমানেই ঘৃণা উপজক কিয় তথাপিও লাখ চেষ্টা কৰাৰ ফলটো তেওঁক যেন পাহৰিবই নোৱাৰো , কাৰণ কিয় জানানে ...? কাৰণ তেওঁৰ সৈতে তোমাৰ সেইবোৰ স্মৃতি জড়িত হৈ আছে যিবোৰ স্মৃতি হয়টো জীৱনত তুমি আৰু দ্বিতীয় বাৰ কেতিয়াও উপভোগ কৰিবলৈ নোপোৱা !! দুখ - সুখৰ মাজত সৰু সৰু ক্ষণ বোৰৰ কিছু মুহূৰ্ত , আৰু কিমান যে কি এই সকলোবোৰ তোমাৰেই কিছু স্মৃতি নহয় জানো ...? হব পাৰে তেওঁৰ ভালপোৱা মিছা আছিল , কিন্তু তোমাৰ অন্তৰেটো তেওঁক সচাকৈয়ে ভাল পাই পেলাইছিল ! হয়টো এইবোৰৰ বাবেই তেওঁক তুমি পাহৰিব নোৱাৰা !! তাতোকৈ অধি...

তোমাৰ মনৰ মানুহজন……

তোমাৰ মনৰ মানুহজন………সেই অাগৰ দৰেই নহয় জানো বহুত ভাল,বহুত ধুনীয়া…… বিচাৰি বিচাৰি হয়টো অাজিও তুমি ""সংগীবিহীন"""। অাজিও তোমাৰ দিথকত নাই শান্তি………সপোন খেদি খেদি তুমি যে ৰঙীন………………। মানুহৰ জীবনত সদায় দুটা বস্তুই খেলি মেলি ল'গাই,সপোনে অাৰু দিথকে……………শান্তি অশান্তি ইহতৰ লগতেই জড়িত।। অামিবোৰে সপোন দেখি দেখি সপোনৰ পাৰ ভাগি পেলাও………সীমা ভাগি সপোনৰ মিঠা ৰংবোৰক যেন ধোৱা ধোৱা কৰি পেলাও।।……… সময়ৰনো কি ভুল………সময়ৰ শৰ সময়ত মৰাত অামিবোৰেই ব্যৰ্থ।……… সেইবাবেইতো কও…………দিথকত পোৱাবোৰেও সপোনৰ ধোৱাৰ মাজে মাজে দেখা চকু চাত মাৰি ধৰা মৰিচিকা বোৰৰ বাবে অামিবোৰ সুখি হ'ব নোৱাৰো।।………… সপোনৰ ৰঙিন সুখ বোৰ পাব বিচাৰো………কিন্তু সপোনত দেখা উচ্চকাংক্ষ্যা কেতিয়া গৈ দূৰাকাংক্ষ্যা হ'ল গ'মেই নাপালো…………পৰিমানতকৈ বেছি বিচৰাটো বা অাশা কৰাটোও অাচলতে মানুহৰ ভুল।।……… সপোনৰ কাষ চপিব অামি বিচাৰো অাৰু দিথকে অামাৰ কাষ চাপিব বিচাৰে……………দুখ, অশান্তি দুয়োৰে…………অামি সপোনক নাপাও অাৰু দিথকে অামাক বিচাৰি নাপায়।।………… এইবোৰৰ বাবেই হেৰাই অামাৰ কৰ্ম অাৰু অাপোনবোৰ…………যিবোৰে অামাক বিচাৰে……যাৰ মনত সপোনে দিথকে...

এটা ভাল সম্পৰ্ক…………

এটা ভাল সম্পৰ্ক………… এটা ভাল সম্পৰ্ক বনাবলৈ,তাক বিশ্বাস দিবলৈ,তুমি নিজে ভবামতে তাক জীয়াই ৰাখিবলৈ কিমান ত্যাগ কৰাৰ প্ৰয়োজন অনুভব কৰিব পাৰানে?……… সম্পৰ্ক ভগাজনে সেইবোৰ কেতিয়াও বুজি নাপায়,তেওলোকে মাথো নষ্ট কৰিব জানে,,ধংস কৰিব জানে।। হঠাৎ তুমিও কেতিয়াবা কাৰোবাক বেয়াকৈ কৈ দিয়া…………সেই সময়ত অকণো ভবা নাযাই যে সেইজনৰ মনত কিমান অাঘাট লাগিব……… জেদ অাৰু খংৰ অন্ধকাৰৰ বাবে,হঠাৎ, নিজে নিজেই উলাই যাই কাৰোবাৰ মনত অাঘাট লগা কথাবোৰ অাৰু তেনেকৈয়ে নষ্ট হয় এটা ভাল সম্পৰ্ক ।। …………অাপোন জনৰ তেনেবোৰ কথাত মনৰ অাঘাটত হয়টো তেওৰ সৈতে দেখা দেখি হোৱাৰো ইচ্ছা নোহোৱা হয়…………তেওৰ প্ৰতি থকা মৰম ভালপোৱা যেন,সেই দিনটোতেই নষ্ট,,,মাত্ৰ হৃদয়খনত কিবা এটা ওজন ওজন লগা দুখে চকুযুৰিক বুজাব পৰা নাযায়।। কোৱাজনও অনুতপ্ত,,মনৰ মাজত তেওৰো এটাই ভাব,কিয় যে ক'লো……… চেহহহ,,,,খংটো অাজিও কমাব নোৱাৰা হৈয়ে থাকিলো……………।। লাহে লাহে খং,জেদ একেবাৰেই কমি যাব……ম'বাইলটোলৈ সঘনাই চকু যাব……অপেক্ষাৰ অন্তত মনে বাৰে বাৰে নাম্বাৰ ডাইল কৰিব বাধ্য কৰিব অাৰু অামাৰ ইগ' প্ৰবলেমতোৱে বাৰে বাৰে ফোন নাযাওতেই কাটিব বাধ্য কৰাব।।……মনৰ মাজত থকা...

মই এটিয়া ব্যষ্ট হৈ অাছো

হঠাৎ অাপোন কোনোবা এজনে ফোন কৰিলে ছেকেণ্ড নালাগে ক'বলৈ,""মই এটিয়া ব্যষ্ট হৈ অাছো''……………সেই কথাষাৰৰ যান্ত্ৰণা তেতিয়া অনুভব কৰা যাই,যেতিয়া অামাৰ কোনোবা মনৰ মানুহজনে অামাৰ অ...

কেতিয়াবা জীৱনক লৈ বৰ অশান্তি হয়………

কেতিয়াবা জীৱনক লৈ বৰ অশান্তি হয়…………তোমাৰো হয়……… মন যাই চাগে সেই মুহুৰ্তত যেন সকলোকে এৰি পলাই যাবা কোনোৱে বিচাৰি নোপোৱা এখন ঠাইলৈ।।…………… দুখবোৰেও এনে ভাবে হেছা মাৰে যেন উষাহ ল'বৰ বাবে শক্তিকণও নোহোৱা হয়।।কোনোবাই ওচৰত অাহি,,ধৰ্য্য ধৰচোন সকলো থিক হৈ যাব,,তেনেকৈ কোৱাৰ লগে লগেই হয়টো খঙত মূৰৰ চুলি ডাল ডাল হৈ যাই।।কাৰণ তুমিহে জানা তোমাৰ সমস্যা কিমান ডাঙৰ।।তোমাৰ ঠাইত যদি,তোমাক ধৰ্য্য ধৰিব দিয়াজন থাকিলহেতেন,,সি হয়তো কেতিয়াবাই হাৰ্টফেইল হ'লহেতেন।। কিন্তু তুমি মই কৰিম কি?? জীৱনতো জীয়াই ৰাখিবই লাগিব।কাপুৰুষৰ দৰেতো অাত্মহত্যা কৰিব নোৱাৰা।।নে ৰঙা কাপোৰ এখন মেৰিয়াই লৈ ৰাস্তাৰে ঘূৰি ফৰিবা,,শম্ভু,শিব শম্ভু।। নোৱাৰা বা নোৱাৰোও তেনে কৰিব,,,জীৱন তেনে নহয়,,মানুহৰ জীৱন উকা বহী এটাৰ দৰে খালী,,একো লিখা নাথাকে।।তুমি নিজেই লিখিব লাগিব,,যিমান কষ্ট নহওক কিয়,,যিমান সমস্যা নাথাকক কিয়,,হয়তো কেতিয়াবা লিখোতে চিঞাহীও শেষ হৱ পাৰে তথাপিও কিন্তু লিখিবই পাৰিব লাগিব।।মনত অাছেনে সৰু কালিৰ তোমাৰ সমস্যাবোৰ,,যেতিয়া ক্লাছ ওৱানত এ ,বি, ছি ,ডি,মাতিব বা লিখিব পৰা নাছিলা,,সেই বয়সত সেইতোৱেই তোমাৰ বাবে বৰ ডাঙৰ সমস্যা অাছিল।।তা...

ভালপোৱাৰ বাবেই দুখ……

ভালপোৱাৰ বাবেই দুখ…………বৰ কষ্ট……… সকলোকে ভালপাব যোৱা বাবে জগৰিয়া তুমি,,,নিজত কৈয়ো বেছি অাপোন বুলি ভাবিব বিচৰাৰ বাবে দুষি তুমি………বৰ কষ্ট নহয়নে?? জীৱনত সেইজন মানুহৰেই বেছি দুখ যিজনে সকলোকে ভালপাই অাৰু অানবোৰেও ভাল পাই বুলি মিছা অাশাত বন্দী হয় ।…………… অাচলতে অাজিৰ দিনত সকলোৱে বেয়া পাই বুলিহে জীয়াই থকাতো প্ৰয়োজন……অন্তত অানে হঠাৎ বেয়াকৈ ক'লে দুখ পোৱাৰ সুবিধাকণ নিজৰ হৃদয়ত খুব কম হয় পৰে………মনত অাশা এটা দিব পৰা যাব যে তেও এনেইও বেয়াই পাই মোক……বেয়াকৈ নকৈ ক'ত ভালকৈ ক'ৱ।। ভালপাব গৈ অৱহেলাবোৰৰ দুখ যান্ত্ৰণা বুকুত সাচি কি লাভ…………পানীয়ে মথাউৰি খহাই নিয়াৰ দৰে যেন হৃদয়খনো লাহে লাহে পমি যাব ধৰিছে তাৰ উমানেই পোৱা নাযাই।। বুজা হ'লো,সকলোৱে বুজাইও যে সকলোকে ভাল পাৱ শিকা…………চাল্লা,,,ভাল পোৱা ল'বলৈ কোনেও শিকাই থৈ নগ'ল…………।। এই ভালপোৱা শব্দতোৱেই জটিল………দিলেও দুখ, নাপালেও দুখ……………সকলো নামত ৰৈ গ'ল,,এই ফেচবুকৰ দৰেই……………পাচ হাজাৰলৈ বন্ধু বান্ধবী………কিন্তু সদায় দেখা পোৱা বন্ধু বান্ধবীৰ মাজতেই মনৰ অমিল………ভেদভাব অাৰু বহুতো।। সললোৱে জানে এদিন মৰিব,,অৰ্থাৎ জীৱনতো এটা শূণ্য………………কিন্তু কিয় পাহৰ...

বহুবছৰৰ বিৰতিত আকৌ ক্ৰমশঃ......

বহুবছৰৰ বিৰতিত আকৌ ক্ৰমশঃ নীলাৰ সৈতে মোৰ আন্তৰিকতা বৃদ্ধি পাইছে । এটা মায়াময় সন্ধিয়াৰ অন্তৰংগ মূর্হুত্বত তিনিবছৰৰ আগতে কবলৈ থাকি যোৱা কথাষাৰ নীলাক ক'লো __"তোমাক ভাল পাওঁ নীলা"... তাই মৌন হয় ৰৈছিল.. আকৌ ক'লো__"তোমাৰ মৌন ভাষা মই নুবুজো নীলা ।" "প্লিজ অৰুণাভ,এনেবোৰ কথা কৈ মোক বিৰক্ত নকৰিবা..প্লিজ মোক ভাল নাপাবা । তুমি মোতকৈ বহুত ভাল ছোৱালী পাবা"__ সাংঘাতিক এটা ট্ৰেজেদিৰে তাই ক'লে.. মই সুধিলো,"কিয় নীলা কিয় নহয় আমাৰ মাজত ভালপোৱা !" তাই ক'লে,"এইয়া অসম্ভৱ ! এইয়া পাপ । স্বামীয়ে বর্জন কৰা এগৰাকী নাৰীৰ এতিয়া আৰু ভালপোৱাৰ অধিকাৰ নাই ।" মই ক'লো,"এইয়াতো পাপ নহয় নীলা । এইয়া সঁচা ভালপোৱা ।" আৱেগত জর্জৰিত হৈ তাই কলে,"অৰুণাভ ,প্লিজ মোক শান্তিত থাকিব দিয়া । স্বামীবর্জিত নাৰীৰ আকৌ বেলেগক ভালপোৱাৰ অধিকাৰ নাই । আনকি আমাৰ এই বন্ধুত্বও পাপ । অৰুণাভ প্লিজ তুমি আঁতৰি যোৱা ।" "কিয় নীলা কিয় ! কিয় আমাৰ মাজত এই বাধাৰ প্ৰাচীৰ ! কিয় কিয়"__একপ্ৰকাৰ উন্মাদ হৈ চিঞৰি উঠিলো । এইয়া অসম্ভৱ ! এইয়া পাপ । স্বামীয়ে বর্জন কৰা এগৰ...

ষ্ট্ৰীট লাইটৰ পোহৰত…………

ষ্ট্ৰীট লাইটৰ পোহৰত………………ৰাস্তাৰ মাজত থকা কুকুৰ কেইটাৰ চিঞৰত কাণৰ পৰ্দাই হাহাকাৰ কৰি উঠিছিল…………………সেই কুকুৰ কেইটাৰ চিঞৰত মোৰ অনুভব হৈছিল যে তেওলোকৰ চকুত মই এজন টেৰৰিষ্ট নাইবা এজন পাগল।।……………… তেওলোকেটো নাজানে যে মই এজন অকলশৰিয়া পথিক…………য'ত জীৱনৰ যাত্ৰাত অাজিও লক্ষ্য স্থিৰ কৰিব নোৱাৰা এজন ডেকা।।……………… সমস্যাৰ সৈতে জৰ্জৰিত এজন পথিক………………সেই কুকুৰ কেইটাৰ অনুভবক মই ধিক্কাৰ দিয়া নাই,তেওলোকে যেন নিজৰ দায়িত্বকহে পালন কৰিছে,,অকলশৰিয়া পথিক,,ঠিকটো নাই হৈও যাব পাৰে টেৰৰিষ্ট নাইবা এজন পাগল।। মানুহ হৈও মানুহৰ দায়িত্ব পালন কৰিব নোৱাৰা এজন কাপূৰুষ……………সমাজৰ গোলাম,,চকু মুদি যেন অাধাৰ খোৱা কুলি।।…………… ভাল বেয়া বিচাৰ কৰা ক্ষমতা ঠিকেই পালো,কিন্তু তাক পালন কৰিব নিশিকিলো বা নোৱাৰিলো……………দেখিও নেদেখাৰ ভাও জুৰি সকলো বোৰক অাউকাণ কৰি শুই থকা যেন এটা শিয়াল।।……………………… মাত্ৰ মনে মনে ক'ব শিকিছো,,,মানুহ বোৰ যেন বহু কৃত্ৰিম হৈ পৰিল……………মৰম,ভালপোৱা,মিলাপ্ৰীতি যেন তাহানিতে অাইতাৰ মুখত শুণা সাধুকথাহে হ'ল গৈ।।…………… ""টেৰৰিষ্ট"" সচাকৈ কুকুৰ কেইতাৰ অনুভব মিছা নহয়……………কাৰণ সমাজৰ বাবে অভিশাপ ...

দীঘলিপুখুৰী পাৰলৈ আৰু নাযাও সন্ধিয়া...

দীঘলিপুখুৰী পাৰলৈ আৰু নাযাও সন্ধিয়া মনালিচা, তুমিহীন পার্কত এতিয়া আৰু নুফুলে ৰজনীগন্ধা । দীঘলিপুখুৰী পাৰৰ প্ৰতিটো ফুটপাথত সঞ্চিত হৈ ৰোৱা আমাৰ ভালপোৱাবোৰে আজিও মোক মৌন কৰি তোলে । মনালিচা ফুচকাৱালাবোৰ আজিকালি দীঘলিপুখুৰীৰ পাৰত হেনো নৰয় আইচক্ৰীম বিকাবোৰো হেনো তাৰকাগৃহৰ সন্মুখত___ তুমি নাই ভালেই হৈছে জানা___ ফুচকা আইচক্ৰীমৰ জুতি বিচাৰি ইমানদূৰ খোজকাঢ়ি ভাগৰি পৰিলাহেতেন তুমি___ মনালিচা, তুমিহীন দীঘলিপুখুৰী পাৰ একেবাৰেই নিৰস আজিকালি তুমি ভালপোৱা সেমেকা বতাহজাকো নবলে__ সকলো সলনি হল মনালিচা___ তুমি গুচি গলা ভালেই হল মনালিচা মায়াময় দীঘলিপুখুৰীৰ এই দুর্দশাত তুমিও কান্দি উঠিলা হয়.... তুমি আকৌ উভতি আহা মনালিচা পার্কত প্ৰেমৰ মায়াময় এজাক বতাহ বলাই মতলীয়া কৰি তোলা দীঘলিপুখুৰী পাৰ । তুমি আকৌ উলটি আহা মনালিচা প্ৰশান্তি ৰেষ্টুৰেণ্টত বহি আমি পাতিম সুখ দুখৰ কিছু কথা । #ৰ'দৰ_বিলাপ

ভালপোৱা বোৰ সচাকৈ পাগল

ভালপোৱা বোৰ সচাকৈ পাগল…………………কিনো দৰকাৰ কাৰোবাক নিজতকৈও বেছি ভালপাবলৈ……………বাৰে বাৰে নিজত কৈয়ো তেওৰ কথা মনত পেলাব,কিনো দৰকাৰ।।……… ভালপোৱাজনে বাৰে বাৰে অৱহেলা কৰাৰ পিছতো,মনৰ মাজত বাৰে বাৰে যান্ত্ৰণা দিয়াৰ পিছতো কিনো দৰকাৰ তেওক ভালপাবলৈ।। সেইবাবেই কৈছো,ভালপোৱা বোৰ সচাকৈয়ে পাগল………… বহু ভালপোৱাজনৰ পৰা পোৱা সকলোবোৰ যান্ত্ৰণাই অামাৰ বাবে হয় কবিতা।।……………তেওক ইচ্ছা কৰিও ক'ব নোৱাৰা কথাবোৰেই অামাৰ কবিতাৰ চন্দ।।………… বৰ জটিল…………ভালপোৱাৰে পৰা মাথো সমস্যা………………তেওক পালেও নাইবা পাই হেৰুৱালেও।। সেই অাপোন কিছুমানৰ বাবে অামি কিছুসংখ্যক অতিত…………………অাৰু অামাৰ বাবে অাজিও তেওৰ সৈতে ভৱিষ্যৎ গঢ়াৰ সপোন।।………………… তেওৰ সৈতে সম্পৰ্ক ভুল নে শুদ্ধ তাক জুখিব পৰা ক্ষমতা অাজিও নাই………মাথো তেওক ভাল পাও………পাগলৰ দৰে……………সচাকৈ ভালপোৱাবোৰ সচাকৈ পাগল।। ভুল বহু প্ৰকাৰৰ,কাৰোবাৰ ভুলে কাৰোবাক জাবৰতো পেলাই অাৰু কাৰোবাক গংগাটো পেলাই…………কিন্তু বহু অপকাৰ লাজ সন্মান ভুলৰ বাবে হেৰাই যদিও জীৱনত সেইবোৰ ভুলে অাকৌ শিকনিও দিয়ে।।…………… সেই কষ্টবোৰ,লাজ সন্মান বোৰে অাকৌ এবাৰ ভুল কৰাৰ পৰা অাগভেটি ধৰি অামাক ৰক্ষা কৰে।।…………তথাপি ভালপোৱাবোৰ পাগল...

অপ্ৰত্যাশিত_____

__অপ্ৰত্যাশিত_____ হঠাত্‍ তাইৰ সন্মুখত ওলালহি সি । তাই প্ৰতিদিনেই তিনিবজাৰ চিটিবাছখনত ঘৰলৈ উভতে । কিন্তু আগতটো তাক এই সময়ত তাই দেখা নাই । তাই আশাওঁ কৰা নাছিল এই সময়ত তাক দেখিব বুলি । সিওঁ ইচ্ছা কৰিয়েই সেই একেটা সময়তে তাইক এবাৰ চোৱাৰ আশাতে কলেজৰ পৰা গুচি আহিল । দূৰণিৰ পৰাই সিওঁ তাইক দেখিলে । সি কিছু আঁতৰে যাব বিচাৰিলে যদিওঁ যাব নোৱাৰিলে । তাইৰ ওচৰেদিয়েই পাৰ হৈ গল সি । সেই এটা মাথো মূর্হুত্ব...বহুদিনৰ মূৰৰ সেই এটা মাথো সান্নিধ্যত হিন্দী চিনেমাবোৰৰ দৰেই স্থবিৰ হৈ ৰল সিঁহত । হঠাত্‍ ল'ৰাটো আঁতৰি গ'ল নিজৰ পথেদি । নহলে সিযে দুর্বল হৈ পৰিব তাইৰ সান্নিধ্যত...তাইয়ো কিবা কবলৈ লৈওঁ থমকি ৰ'ল...লৰাটোৰ এনে অস্বাভাৱিক আচৰণত...সিটো আগতে তাইক এনেদৰে উপেক্ষা কৰা নাছিল...অথচ কিয় এই পৰিৱর্তন ! হয়তু তাইৰ পৰিৱর্তনবোৰে লৰাটোকো পৰিৱর্তন কৰিলে এক নতুন ৰূপত । ওচৰতে থকা মহিলাগৰাকীয়ে তাইক সুধিলেঃ "কি হল ! তাক নামাতিলা যে !সিওঁ দেখুন একো নোকোৱাকৈয়ে গুচি গ'ল ।" তাইৰ বুকুত হঠাত্‍ হাজাৰটা শোকে খুন্দিয়াই ধৰিলে । অতীতৰ স্মৃতিৰ কিছু জীয়া ছবিয়ে তাইক অস্থিৰ কৰি তুলিলে । এটা সময়ত তাৰ ভালপোৱাত বিৰক...

অনুৰাধা.....

অনুৰাধা তুমিহীনতাত জালুকবাৰীত এতিয়া কৃষ্ণচূড়াবোৰ তেনেই নিশকতীয়া । চিটিবাছত এতিয়া গৈ ভাল নালাগে অনুৰাধা... তুমি আঁতৰি যোৱাৰে পৰা কিবা উকা উকা লগা হল চিটিবাছৰ চিটবোৰ । জালুকবাৰীৰ চৌহদ এতিয়া তেনেই সেমেকা যান জটত ব্যস্ত জালুকবাৰীত তোমাক হয়তু আৰু লগ নাপাম কৃষ্ণচূড়াৰ তলত অথবা জালুকবাৰীৰ কোনোবা ৰেষ্টুৰেণ্টত...আৰু ঘণ্টা ঘণ্টাজুৰি চাহত চুমুক দি তোমাৰ লগত আৰু নকটাও কিছু মোহময় সন্ধিয়া । অনুৰাধা ভাগ্যৰ কি বিড়ম্বনা আমি প্ৰথমবাৰ লগ পোৱা জালুকবাৰীৰ কৃষ্ণচূড়াকেইজোপা এতিয়াও ফুলে । মই সদায় তাত ৰোমন্থন কৰো তোমাৰ সৈতে কটোৱা মধুময় সময়বোৰ । #ৰ'দৰ_বিলাপ( #HEMANGA )

প্ৰেমৰ কেন্সাৰ

প্ৰেমৰ কেন্সাৰ- . - ঐ.. তুমি যে সদায় মন বেয়া কৰি থাকা, মনৰ ওপৰত প্ৰচণ্ড চাপ পৰে সেইটো তুমি নুবুজা নেকি? - বুজি পাওঁ। - কি বুজা? - তুমি মোক মিছা শান্তনা দিয়া প্ৰতিদিন। মোক শান্তনা দিবলৈ আহি তোমাৰো মন বেয়া হয়..! দীৰ্ঘ শ্বাস এৰা মোৰ অনুপস্থিতিত। তোমাৰ চকুযোৰিতো মোৰ দৰে অশ্ৰু বয়। মোক শান্তনা দিবলৈ নাহিবা আৰু। - হাঃ হাঃ হা! মোৰ কি দুখ? মই তো তোমাৰ নিচিনাকৈ দুখৰ খেতি নকৰোঁ! বছৰ ধৰি তাত সাৰ পানী নিদিওঁ, দুখ খেতিডৰা পৰিস্কাৰ কৰি নাথাকো। যত্ন নলও দুখৰ। মোৰ কিয় চকুপানী ওলাব? - চুইটি! জানা? তুমি মিছা ক'লে মোৰ আগত ধৰা পৰি যোৱা! মোক লৈ তোমাৰ ইমান দুখ-কষ্ট! ময়েই তোমাৰ দুখৰ জন্মদাতা! তোমাৰ দুখ আৰু কষ্টক কেতিয়াও সুখলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম কাৰণে মই নিজেও হতাশ... চুইটি মই যে নিৰূপায়। একে উশাহতে কথাকেইটা কৈ পিংকুৱে হুকহুকাই কান্দি দিলে.... - শুনা পিংকু! প্লীজ তুমি হতাশত ভোগী নিজকে কষ্ট দিয়া বন্ধ কৰা! ডাঙৰ হৈছা এতিয়া! এই দুখ কষ্টবোৰ পাহৰি শক্তিশালী হৈ উঠা। চাবা সুখে তোমালৈ বাট চাই আছে। তুমি হাত বঢ়ালে চুব পাৰিবা নীলা আকাশ! তুমি ইচ্ছা কৰিলে সমুদ্ৰৰ উত্তাল ঢেউৰ পৰা শান্ত নদী হ'ব পাৰি...

কাৰোবাক ভালপোৱাটোও দুখ , আৰু কাৰোবাক ভাল নোপোৱাটোও দুখ ,

কাৰোবাক ভালপোৱাটোও দুখ , আৰু কাৰোবাক ভাল নোপোৱাটোও দুখ , কিয় বাৰু আমি প্ৰেমত পৰো ...? প্ৰেম নামৰ সাগৰ খন অতি বিশাল ........ নহয়নে বাৰু ..? কাৰোবাক যেতিয়া খুব বেছি ভালপোৱা যায় , তেতিয়া আমি তেওঁৰ অবিহনে জীয়াই থকাটোৱেই হয়টো কঠিন হৈ পৰে ,বাৰে বাৰে হৃদয়ৰ মাজত কম্পনৰ সৃষ্টি হয় ... কৰবাত তেওঁ মোক এৰি যাব নেকি ...? কৰবাত তেওঁ আনৰ সৈতে সম্পৰ্ক গঢ়িব নেকি ..? কিন্তু যেতিয়া এইবোৰ সচাঁ হবলৈ ধৰে , এনেকুৱা লাগে যেন জীৱনটোৱেই কোনোবা এটা আন্ধাৰ কোঠালিৰ দৰে হৈ পৰিছে ..? প্ৰয়োজন হোৱা সময়ত তেওঁ তোমাৰ পৰা আতৰি যাই .. হয়টো এনেকুৱা লাগে যেন তোমাৰ পৰা এনে কি ভুল হল , যত তেওঁ আতৰি যাবলৈ বাধ্য হল ...? বাৰম্বাৰ অনুৰোধ কৰাৰ সত্ত্বেও যেতিয়া তেওঁ ঘূৰি নাহে , নিজকে যেন দুৰ্ভগীয়াৰ দৰে অনুভৱ হয় , মনত প্ৰশ্ন , কিয় বাৰু এনেকুৱা হৈ গল , সকলোটো ঠিকেই আছিল .. তেনেহলে হঠাত কিয় এনেকুৱা হৈ পৰিল , মোৰ প্ৰেম কি শুদ্ধ নাছিল নেকি , নে মই প্ৰেম কৰিব জনা নাছিলোঁ ...? বহু শিক্ষা লাভ হয় এনেবোৰৰ পৰা , যেতিয়া তেনেবোৰ ধুমুহাই জীৱনটোক চুই যায় .... কিন্তু এনে এটা সময়ও কিছুমানৰ জীৱনলৈ আহে , যেতিয়া সেইজনে নিজৰ ভুলক চিনিব পাৰি...

বহুত ভালপোৱা মানুহ জনক কেতিয়াও জানিবলৈ নিদিবা যে

বহুত ভালপোৱা মানুহ জনক কেতিয়াও জানিবলৈ নিদিবা যে " তুমি তেওঁক কিমান ভাল পোৱা " কাৰণ যিদিনাই তেওঁ জ্ঞাত হব যে , তুমি তেওঁক অনেক ভালপোৱা , দেখিবা সেইদিনাৰ পৰা তেওঁৰ ও সহস্ৰ অভিমান বোৰ বাহিৰলৈ উলাই আহিব , আৰু এদিন তোমাৰ চকুত অশ্ৰু নিগৰাই অন্য পথে যাত্ৰা কৰিব !! কাৰণ তেওঁ জানে , তুমি তেওঁৰ পিছে পিছে নিশ্চয় ঘূৰি ফুৰিবা !! তেতিয়া কিন্তু সেইজনৰ বাবে সেয়া প্ৰেম হৈ নাথাকিব , বৰং প্ৰেমে তেতিয়া একো একোটা স্বাৰ্থলৈ পৰিবৰ্তন হব !! >> প্ৰীতম আৰ ডেকা

অাত্মহত্যা………………

অাত্মহত্যা……………… মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো।………………কিয় নোৱাৰে তেও জীয়াই থাকিব? উত্তৰ হয়টো মোতকৈ জীয়াই থাকিব নোৱাৰা জনে/জনিয়ে ভালদৰে অনুভব কৰিব পাৰিব।। তথাপি…………অাত্মহত্যা কৰাটো কিমান যুক্তিসংগত? কলেজৰ এজনি সুন্দৰীৰ প্ৰেমত অফলতা হোৱাৰ বাবেই নিজক শেষ কৰি দিয়াটো প্ৰেম কেতিয়াও হ'ব নোৱাৰে।।…………এজন ল'ৰাই এজনি ছোৱালীক বিশ্বাসঘাটকতা কৰি এৰি যোৱাৰ বাবে নিজক হত্যা কৰাটো প্ৰেম হ'ব নোৱাৰে………………এইটো এটা জেদ অাৰু মানসিক ৰোগ।। জীৱনত বহু ভালপোৱা মানুহজনে হঠাৎ অকলশৰিয়া কৰি এৰি যোৱা বেদনা কিমান,মই অনুভব কৰিব পাৰো………বহু বিশ্বাসৰ পৰিণতিত পোৱা অৱহেলা অাৰু ঠগবোৰে কিমান যান্ত্ৰণা দিয়ে মই ও অনুভব কৰিব পাৰো।।………… এইবোৰ দুখ,যান্ত্ৰণা অাৰু সমস্যাৰ সমাধান জানো অাত্মহত্যা হ'ব পাৰে……………কাৰ দুখ অাৰু সমস্যা নাই………………প্ৰত্যেকজন মানুহৰে জীৱনৰ অান এটা নাম সমস্যা।।যদি সকলোৱে সমস্যা বা দুখৰ বাবে অাত্মহত্যা কৰে পৃথিবীত মানুহ শেষ হওতে ছেকেণ্ড নালাগে।। এই অাত্মহত্যা কৰা কেইজন সিমানেই জগৰীয়া নহয় নে যেনেদৰে বিশ্বাসঘাটক কৰিছিল সেইজন প্ৰতাৰকে ।প্ৰেমত তেও পৰিছিল,বিশ্বাসঘাটকতা তেও লাভ কৰিছিল কিন্তু ঘৰৰ মাক দ...

হৃদয় ভঙাৰ বাবে যদি অাইনমতে দণ্ডনীয় হ'ল হয়

হৃদয় ভঙাৰ বাবে যদি অাইনমতে দণ্ডনীয় হ'ল হয়……………কি হ'ল হেতেন? নিশ্বই পৃথিবীৰ অাধা মানুহৰ জেইল হ'ল হেতেন।। বেছিভাগৰেই কমন…………গাৰ্ল ফ্ৰেণ্ড বনাইছানে?…………… হয়টো ছোৱালীৰো কমন……বয় ফ্ৰেণ্ড বনাইছানে?…………… কোনেও নুশুধে কাৰোবাক প্ৰাণ ভৰি ভাল পোৱানে?…………কিয়? অাজিৰ দিনত ফেছন নেকি বয়ফ্ৰেণ্ড বা গাৰ্লফেণ্ড?……………… সকলোৱে যেন মাত্ৰ প্ৰয়োজন অনুভব কৰে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ,,সেইবাবেই প্ৰেম হৈ পৰিছে খেলা।।……………শাৰীৰিক সম্পৰ্কৰ খেলা………সতিত্ব নষ্টৰ এটা সোৱাদ লগা ধ্বংসৰ পথ,, অৱশেষত সাক্ষি অাইপিল টেৱলেট নাইবা অবৈধ মাতৃত্বৰ বোজা।।…………… নাই সেই অপেক্ষা,নাই অাগৰ দৰে প্ৰেমিক প্ৰেমিকাৰ বাবে সন্মান……………মথো ব্যৱহাৰ,কোনোবা হৃদয়ৰ যান্ত্ৰণাবোৰৰ বজাৰত অান কোনোবা ব্যৱহাৰ বাৰে বাৰে, শৰীৰৰ বজাৰত।। মই সচাকৈ কৈছো,প্ৰেমত পৰি নিজৰ হৃদয়ক ধৰ্ষণ নকৰিব……………প্ৰেমিকাই শাৰীৰিক ভাবে ধৰ্ষণ নকৰিলেও মানসিক ভাবে ধৰ্ষণ কৰাতো একপ্ৰকাৰৰ খাটাং।।…………… নিজৰ স্বাধীনতাক তেওৰ ওচৰত সমৰ্পণ নকৰিব……নহ'লে এদিন উষাহটোও তেওৰ অাদেশতহে ল'বৰ সময় অাহি পৰিব।।……… বৰ নিষ্ঠুৰ প্ৰেমিক সেইসকল,যিজনে/যিজনিয়ে বাৰে বাৰে কথাৰ মাজেৰে হৃদয়ক অাঘাট ক...

ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে

অনেক ভালপোৱা মানুহজনে যদি তোমাৰ ওপৰত খং কৰে , নাভাবিবা সেয়া তেওঁৰ আতৰি যোৱাৰ কোনোটো অজুহাত !! আচলতে সেয়া হৈছে তোমাৰ প্ৰতি থকা অজস্ৰ ভালপোৱা, শত আকৰ্ষণ , কাৰণ যিজনে তোমাৰ ওপৰ...

অশ্ৰুৰ মূল্য নুবুজা জনৰ সৈতে সম্পৰ্ক ৰাখি সময় নষ্ট নকৰিবা

তোমাৰ এটুপি অশ্ৰুৰ মূল্য নুবুজা জনৰ সৈতে সম্পৰ্ক ৰাখি সময় নষ্ট নকৰিবা , সেইজনৰ সৈতে জীৱন কটোৱা , যিজনে তোমাৰ কিঞ্চিত কণ দুখত দুখী হৈ পৰে আৰু কিঞ্চিত কণ সুখত সুখী হৈ পৰে , কাৰ...

ভালপোৱা মানুহ বোৰৰ বহুত লেবেল

ভালপোৱা মানুহ বোৰৰ বহুত লেবেল………………নিজক যে কি বুলি ভাবে……………সিহতে নাজানে নেকি………অামি ভাল পাও বাবেই যে তেওলোকক উচ্চ অাসনত বহুৱাও।।………… কান্দিব পাৰো তেওক নোপোৱাৰ বে...

জীৱনত সকলো বোৰ বিচাৰি পোৱা জনেই সুখী

সকলোৱে কয় জীৱনত সকলো বোৰ বিচাৰি পোৱা জনেই সুখী, অাৰু মই চাল্লা ৰাতিপোৱা শুই উঠি, থোৱা ঠাইত ব্ৰাছ দালো বিচাৰি নাপাও, সুখ দুখৰ পৃথিৱীখনৰ বাবেই হয়টো অামাৰ দৰে কিছুমান জীৱন।। ...