এখন হৃদয়ৰ সেই কৰুণ দৃশ্য
এখন হৃদয়ৰ সেই কৰুণ দৃশ্য বোৰ মাথোঁ এজন নিশংগতাৰ প্ৰেমিকেহে বুজি পাই ... অতীতত হেৰুৱাই পেলোৱা সেই স্মৃতি বোৰৰ বেদনা মাথোঁ এজন প্ৰকৃত বন্ধুৱেহে বুজি পাই !
আপোনজনে বা আপোন গৰাকীয়ে তোমাক যিমানেই দুখ দিব বিচাৰিব হয়টো তাতোকৈ বেছি এজন মিত্ৰই তোমাক সহাৰি জনাব ..
আগুৱাই যোৱাত তোমাক সহায় কৰিব , পোহৰৰ এটা সজ পথ দেখুৱাব !
এজন বন্ধুৰ গুৰুত্ব প্ৰেম , ভালপোৱা , জীৱনতকৈ হয়টো বহুতেই বেছি !
যেতিয়া তুমি অকলশৰে কৰবাত বহি থাকিবা ,,
তেতিয়া তোমাৰ বাবে হয়টো আপোনজনকৈ অধিক চিন্তা এজন বন্ধুৱেই কৰে ...! সুখ - দুখ এই সকলোবোৰতেই এজন প্ৰকৃত বন্ধুৱেহে তোমাক সহাৰি জনাই ...!
কেতিয়াবা হৰ্ঠাতে তুমি বন্ধুৰ লগত কাজিয়া কৰি দিয়া ...
কেইদিনমানলৈ হয়টো তাৰ লগত কথা নোহোৱা ... কিন্তু যেতিয়াই তোমাৰ কোনোটো অসুবিধা অথবা দুখ - কষ্ট আহি পৰে , তেতিয়াই হয়টো সেই বন্ধুৱেই তোমাৰ কাষ চাপে ...
তোমাক সহায় কৰিবলৈ আগ বাঢ়ি আহে .....!
নিজৰ প্ৰয়োজন বোৰক আওকাণ কৰি মাথোঁ বন্ধুৰ সেই সম্পৰ্কটো ৰক্ষাৰ বাবে যিকোনো কামেই তেওঁ কৰি পেলাই ...
তেওঁৰ সেই স্ব - ইচ্ছাত ... মাথোঁ তোমাৰ বাবে ...!
এগৰাকী প্ৰেয়্সীয়ে যেতিয়া তোমাক আওকাণ কৰি জীৱনৰ সেই ৰাজপথৰ মাজত অকলশৰীয়া কৰি গুচি যায় ,,
তেতিয়া মাথোঁ সেই বন্ধুৱেই তোমাৰ একমাত্র বিশ্বাস হৈ ৰৈ পৰে ...!
আনৰ আগত দুখ প্ৰকাশ কৰিব নোৱাৰিলেও তুমি তোমাৰ মিত্ৰৰ সন্মুখত হয়টো সকলোবোৰ কথাই খুলি কব পাৰা ...
সান্তনাৰ একমাত্ৰ উৎস হৈ পৰে এজন বন্ধু .....!
_____________ ধন্যবাদ
Comments
Post a Comment
ধন্যবাদ