আপোন মিনুহবোৰৰ সৈতে তেওলোকৰ আপোন হৈ জীয়িই থকিবলৈ কিমান যে তাযাগ কৰা প্ৰয়োজন
অাপোন মানুহবোৰৰ সৈতে তেওলোকৰ অাপোন হৈ জীয়াই থাকিবলৈ কিমান যে ত্যাগ কৰা প্ৰয়োজন………তাৰ কথা ভাল সম্পৰ্ক এটা থকা জনেহে ভালদৰে বুজি পায়।।
তেওলোকৰ বিশ্বাসক প্ৰমাণ দিবৰ বাবে কিছুমান দুখৰ বোজা মিছাতে কঢ়িয়াই লৈ ফুৰিব লগাত পৰে।…………
তেওলোকে কৰা ভুলৰ শাস্তি বিনা দুষতেই ল'ব বাধ্য হৈ যোৱা যায়…………তেওলোকে জানে বা কয়………একো নাই তেও বেয়া নাপায়………যাৰ বাবে কেতিয়াও শুধাৰ,অামাৰ মনৰ ইচ্ছাৰ বিচাৰ কৰাৰ প্ৰয়োজন অনুভব কৰা দেখা নাযায় তেওলোকৰ মনত………সেই অাপোনবোৰৰ মাজত,যাক অামি বহুত ভাল পাও।।
ভুল তেওলোকৰো হয়টো নাই বা ভুল বুজাৰ অধিকাৰো নাই ……………কাৰণ অামি নিজেই তেওলোকৰ প্ৰতিতো ভুলক ক্ষমা কৰি অাদৰি লৈ অাহিছো।যাৰ বাবে তেওলোকে অামাৰ ইচ্ছাৰ বিপৰতে গৈও শেষত এটা সামান্য হাহি মুখত লৈ, সহজে কৈ দিয়ে………বেয়া নাপাবা……অাৰু সেই কথাষাৰৰ বিশ্বাস দিব গৈ মনে মনে যান্ত্ৰণাৰ সৈতে যুজ দিব লগা হয়।।
অাচলতে এনেবোৰ ঘটনা বেছি ভাগ মানুহৰ জীৱনতেই হয়……………সৰু সৰু দুষ,ভুলবোৰক অাওকাণ কৰি অাপোনজনৰ সুখৰ বাবে জীয়াই থকাটো অামাৰো এটা ভুল।………তেওলোকে দুখ পোৱাৰ ভয়ত নিজৰ মনক হেচা দি সকলো লুকাই ৰখাতো অামাৰ ভুল…………এনে ঘণিষ্ঠতা,ভালপোৱাই এদিন দুয়োজনকে ভয়ংকৰ পৰিস্থিতিত পেলাব পাৰে………সেই অাপোনজনে কৰা ভুলৰ দুখত,অামাৰো দুখ………কাৰণ তেওৰ জীৱনৰ সৈতে জড়িত,অামাৰ জীৱন।।………
কেতিয়াও ভালপোৱাৰ বাবে অাপোনবোৰৰ ভুলবোৰক মানি লোৱা উচিত নহয়……………তেও যদি বেয়া কাম কৰিছে,ভুল কৰিছে…………তাক বুজাই দিয়াৰ প্ৰয়োজন যে তেও কৰা কামটো বেয়া বা ভুল।…………
মনত প্ৰশ্ন অাহিব………তেও নুশুণে বা শুণিবনে……………?
নিশ্বই শুণিব………সেইবাবেই কয় ভালপোৱাত অভিমান,খং অাৰু অলপ কম পৰিমাণৰ দুৰত্বই সম্পৰ্ক বহু গভীৰ কৰি তোলে…………কথাষাৰৰ অৰ্থ নিশ্বই বুজিছে।
ধন্যবাদ………………
Comments
Post a Comment
ধন্যবাদ