যিজনক আমি ভাল পাওঁ সেই জনক
যিজনক আমি ভাল পাওঁ সেই জনক বিদায় দিয়া সময়ত সদায় হাঁহিমুখে বিদায় দিব লাগে।কাৰণ সেই বিদায় মুহূৰ্ত আকৌ আমি ঘূৰাই কেইটাই নাপাওঁ।
সেয়ে তোমাক বিদায় দিয়া সময় খিনি মই হাঁহি আছিলোঁ।
তেতিয়া মই হাঁহি দিয়া কাৰণেই যে তুমিও হাঁহি দিছিলা সেই কথা মইও জানো।
পিছে সেই সময়ত তোমাৰ হাঁহিটো প্ৰশ্নবোধৰ ছবি হে জিলিকিছিল।
কাৰণ তুমি কি কৰি গৈ আছা তুমি নিজেই নাজানা......??
মই বুজিছিলোঁ সকলো তথাপিও মৌন আছিলোঁ কাৰণ তোমাৰ সেই প্ৰশ্নৰ উত্তৰ মই দিবলৈ হ'লে তোমাৰ ঘৰৰ হকে লোৱা সিদ্ধান্তৰ একো মান নাথাকিব।সেইবোৰ ভাবি য়ে সেই সময়ত মৌনতাই শ্ৰেয় বুলি ঠিক কৰিছিলোঁ।
আমাৰ সম্পৰ্কৰ শেষৰ দিনটো মই সদায় মনত ৰাখিব পৰাকৈ যি পাৰি তাকেই কৰিবলৈ চেষ্টা কৰিছিলোঁ।সেয়ে ময়ো হাঁহি আছিলোঁ শব্দহীন হৈ......
মোৰ হাঁহি দেখি যে তোমাৰ মুখতো হাঁহি জিলিকিল সেয়াই মোৰ বাবে শ্ৰেষ্ঠ উপহাৰ জীৱনৰ।
কাৰণ তোমাৰ হাঁহি মোৰ অতিকৈ প্রিয় সেই কথা তুমিও ভালদৰেই জনা আছিল.......
Comments
Post a Comment
ধন্যবাদ