জীৱনৰ কোনোবা মুহূৰ্ততে যদি সুখ দুখবোৰৰ

জীৱনৰ কোনোবা মুহূৰ্তত যদি সুখ দুখবোৰৰ হিচাব কৰা বা অনুভৱ কৰা যায়……তেতিয়া বুজিব পাৰি যে মানুহৰ সুখ অাৰু দুখৰ টোপোলা প্ৰায় সমানেই দেখা যায়।।………
মনৰ মাজত থকা অাশাবোৰ যদিও সেমেকি যায় তথাপি জীৱনৰ দায়িত্ববোৰ গতানুগতিক ভাবে চলি গৈ থাকে।।…………
মানুহ সময়ৰ দাস অাৰু এই সময় এটা সময়ত বন্ধু হয় শত্ৰুও হয়…………এদিন সকলো পাব সক্ষম হয় অাৰু এদিন সকলোবোৰ হেৰায় যায়।।…………
অামাৰ জীৱনত কৰা ভুলবোৰৰ লগতেই সুখ দুখৰ হিচাব হয় যদিও কিছুমান শাস্তি বিনা দুষতেই ল'ব লগা হয়…………সেইটো নিয়তিৰ লগত ভাগ্য জড়িত।।………
দুখবোৰ অাচলতে খুচৰি খুচৰি অামি বোৰেই বেছি কৰি পেলাও,য'ত এটা সময়ত সুখৰ সকলো সম্পৰ্ক দূৰলৈ যাব বাধ্য হৈ পৰে………চাৰিও দিশৰ পৰা মাত্ৰ শূণ্য জীৱন।।……
কি নাই,কি অাছে…………যি অাছে তাতো অভাব………কাৰোবাৰ একো নাই বাবে অভাব………কাৰোবাৰ অাকৌ বহু থাকিও অভাব………মানুহৰ জীৱন…………।
অাচলতে ভুল অামাৰ…………অামি নিজেই সুখি হ'ব নোৱাৰো………থকাবোৰও পৰিচালনা কৰিব নোৱাৰো………মাত্ৰ প্ৰয়োজন………হঠাৎ যদি শুধে কি লাগে তোমাক……হয়টো সেই মুহূৰ্ততো খেলিমেলিয়ে অাগুৰি ধৰিব যে……অাচলতে মোক কি লাগে।।………
অপেক্ষা কৰিব নোৱাৰো……ধৰ্য্য ধৰিব নোৱাৰো অাৰু কোনো মানুহক বিশ্বাস কৰিব নোৱাৰো………হেৰায় গ'ল সকলো……পাহৰি পেলালো যে ৰাতিৰ পাছতহে যে দিন অাহে।।
জীৱনৰ বেছিভাগ শিকনি অামাৰ সৰু কালতেই সময়ে শিকাই গৈছিল………এদিনতেতো কোনোৱেই ডাঙৰ হোৱা নাই……………কথা ক'ব শিকা নাই…………খোজ কাঢ়িব শিকা নাই……………অাৰু এটিয়া সকলোবোৰ পাহৰি ধৰ্য্য হেৰায় হাহাকাৰ কৰিছো যে বিচৰাবোৰ কিয় নাপাও………।।
বিশ্বাসও হেৰাল……………য'ত সৰু অৱস্থাত কোনোবাই ওপৰলৈ দলিয়াই দিলেও খিলখিলাই হাহিছিলো……বিশ্বাস অাছিল যে তেও মোক পৰিব নিদিয়ে………অাৰু অাজি সকলো সন্দেহত………যাৰ বাবে নিজৰ ওপৰত বিশ্বাসও নোহোৱা পৰিল।
ভুল,
সচাকৈ ভুল অামাৰ নিজৰ গাত…………য'ত সকলো পাহৰি দুখৰ বোজা কঢ়িয়াই ফুৰিছো অাৰু নিজৰ লগতে অাপোন বোৰকো দুখত ৰাখিছো।।…………ধন্যবাদ……

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা