আই আহচোন
অই ...আহচোন ... আকৌ উভতি যাওঁ ... তোৰ মোৰ প্ৰথম চিনাকি দিনলৈ .. তোৰ প্ৰতি হেঁপাহবোৰে কেনেকৈ জগাই দিছিল ...মনৰ দুৱাৰদলিত ...তইয়েইটো লৈ গৈছিলি ....জিৰণিবুলীয়া বাটেৰে জোনাকৰ দেশলৈ .. মনত পৰেনে ... উজাগৰী নিশাবোৰ পাৰ কৰিছিলো তোৰ সতে ... ভালপোৱাৰ তৰাবোৰ হিচাপ কৰি ..
তই শিকাই দিয়া ভালপোৱাৰ উমানবোৰ বুকুৰ মাজত জিৰাইছিল ... তোৰ হাতৰ স্পৰ্শত কঙাল হৈছিল হিয়াৰ শেতেলি ..
মনত আছে নে তোৰ ...
মোৰ সোনগুটিৰ ভড়ালটো ..
এতিয়াও তোৰ নামতে আছে ..মিছা সপোনবোৰ ময়ো বেয়া পাওঁ ..তোৰ বাবে এতিয়াও মই অনুৰাধা ..
অনুৰাধাৰ দেশতে আছোঁ ।।
এতিয়াও চিঞৰি চিঞৰি কওঁ ....ভাল পাওঁ তোক সচাঁকৈ ...।
Comments
Post a Comment
ধন্যবাদ