পুত্ৰই মাকক উদ্দেশ্যি চিঞলিবলৈ আৰম্ভ কথিলে
পুত্ৰই মাকক উদ্দেশ্যি চিঞৰিবলৈ আৰম্ভ কৰিলে : মা ' .... অ'.. মা ...মা ,, কত আছা ..?
মাকৰ পৰা একো ধৰণৰ উত্তৰ নাপায় আকৌ চিঞৰিবলৈ আৰম্ভ কৰিলে : মা ... অ.. মা ..
পুত্ৰৰ সেই ফুল ভলিয়াম টেটুৰ মাত শুনি মাকে কবলৈ ধৰিলে : উফো''ও ... কি হলনো ... কিহৰ বাবে ইমান চিঞৰিছা ?
পুত্ৰই লাহেকৈ মাত লগালে : মই অলপ উলাই যাওঁ ..অহাত অলপ দেৰী হব চাগৈ ... চিন্তা কৰি থাকিব নালাগে !
:- এই সন্ধিয়া পৰ কত যোৱা হা ..?
:- মোৰ ফ্ৰেইণ্ডৰ ওচৰৰ পৰা আহো .. কিবা কথা আছে বোলে .. যাওঁ নে !
:- ঠিকেই আছে যোৱা ... কিন্তু ইমান দেৰী নহয় যাতে দেই ! আৰু শুনা বাইক খন অলপ লাহে লাহে চলাবা !
:- এ মজা ... থেংঙ্কিও মা ... বাই মই যাওঁ !
:- ঐ সোণ ... কিবা অলপ খাই যোৱা আহা ...
:- মা মোৰ দেৰী হব অ ...
:- নহয় আহা ...
:- ঠিকে আছে নহলে .. পিছত নকবা আকৌ মোৰ ঘৰত সোমোৱা দেৰী হৈছে বুলি ...
:- ok .. ok নকওঁ দিয়া .....
পেটত কিবা অলপ পৰাৰ পিছত লৰাটোৱে বাইক খন উলিয়াই বাহিৰলৈ লৈ গল ... কিন্তু চোতাল পাইছেগৈহে মাত্ৰ ...
:- অ মা .. অ মা ... বস্তু এটা লাগিছিল ...?
মাকে প্ৰশ্ন কৰিছে :- আকৌ কি হল ? কি বস্তু ?
:- অ মা ... ৫০০ টকা এটা দিয়া না !
:- আকৌ পইচা লগা হলেই নে .. কালি ৫০০ টকাটো কি হল ?
:- হব দিয়া নালাগে .. বৰ বেছি কৰা অলপ ? মোক মৰম নকৰা বুলি ভাবি হে আছিলো , আজি প্ৰমাণেই পাই গলো ..! হব দিয়া যাওঁ
:- চেহ ! কিযে হব নহয় এই লৰাটোৰ লগত ... দিছোঁ বাৰু ৰবা !
:- হুম থেংকিও থেংকিও ...
:- থেংকিও উলিয়াম মই কেতিয়াবা ৰখা ... এতিয়া যোৱা .. আৰু শুনাচোন .... সোনকালে আহিবা কিন্তু ...
:- হব দিয়া মা '' আহিম ... বাই বাই ...
........ আৰু এনেকৈয়ে কৈ মাতৃৰ পৰা বিদায় ললে পুত্ৰই ।
নিশা প্ৰায় ১২ বাজিবলৈ হল কিন্তু পুত্ৰৰ কোনো খা খবৰেই নাই !
মাকে তাৰ মবাইলটোলৈও বহু বাৰ ট্ৰাই কৰিলে .. কিন্তু মবাইলৰ উত্তৰ এটাই আছিল " আপুনি যিটো নম্বৰলৈ ফোন কৰিছে বৰ্তমান সেইটো সংযোগ সীমাৰ বাহিৰত আছে ।"
ঘৰৰ সকলোবোৰেই নিদ্ৰাদৱীৰ কোলাত ব্যস্ত আছিল কিন্তু সেই একমাত্ৰ মাতৃ গৰাকীৰ চকুত হয়টো নিদ্ৰা বোলা শব্দটো কৰবাত হেৰাই গৈছিল ?
মনত এনেক ভাৱনাবোৰ উৎপন্ন হৈছিল ..
আৰু নহবনো কিয় ..?
এগৰাকী মাতৃ আৰু পুত্ৰ স্নেহৰ মাজত পৃথিৱীৰ হয়টো কোনো বস্তকেই তুলনা কৰিব নোৱাৰি !
প্ৰায় এনেদৰেই সেই মাতৃ গৰাকীয়ে সময় বোৰ অতিবাহিত কৰিলে ,
তাৰ লগৰ বোৰলৈ ফোন কৰিও সুধিলে কিন্তু সকলোৰে মুখত এটাই কথা ... " আণ্টী ... সি চোন ২ ঘন্টাৰ আগতেই ইয়াৰ পৰা গুচি গৈছে " ।
বুকুখন কিম্বা চিং চিং শব্দৰ সৈতে কপিবলৈ আৰম্ভ কৰিলে ,
এবাৰ ঘড়ীটোলৈ আৰু এবাৰ মবাইলটোলৈ ...
কিন্তু নাই ... পুত্ৰৰ কোনো খা - খবৰেই নাই । কত গল , কি কথা .. তাৰ কোনো উম- ঘামেই নাই ।
কিছুসময়ৰ পিছত ৰাতিওপুৱাল ...
মাকৰ চিন্তা আৰু মনৰ আশংকা যিমানেই পাৰে বৃদ্ধি হবলৈ ধৰিল ,
ঘৰত কিছু হৈ হাল্লাও লাগিবলৈ ধৰিল, সকলোৱে উলাই গল মাতৃৰ সেই মৰমৰ সোণটোক বিচাৰিবলৈ !
ৰাতিপুৱা প্ৰায় দহ বাজিবলৈ হৈছে ... ঘৰৰ পদুলিৰে এখন গাড়ী সোমাইছে ... মাকে সেই গাড়ী খনৰ ওচৰলৈ দৌৰি গল আৰু স্বামীক সুধিবলৈ আৰম্ভ কৰিলে : পালেনে ..? হেৰি তাক বিচাৰি পালেনে ?
কত সি , নকয় কিয় ...? পালেনে নাই বিচাৰি ...
আৰু স্বামীয়ে অশ্ৰু নিগৰাই উত্তৰ দিলে :- অ পালো .. গাড়ীৰ ভিতৰত শুই আছে । চাই লোৱা এবাৰ .... চাই লোৱা .... আৰু এনেকৈয়ে কৈ তেওঁ হুকহুকাই কান্দিবলৈ আৰম্ভ কৰিলে ...
স্বামীৰ সেই কান্দোনৰ মূল বুজি মাতৃ গৰাকীয়ে গাড়ীখনৰ ভিতৰলৈ সোমাই গল .. আৰু চিঞৰি উঠিল :--
এটা কৰুণ চিঞৰে সকলোৰে হৃদয় কপাই ঠৈ গল ...
অ সোণ .. সোণ অ .. উঠ চোন ... উঠ , তই নুঠ কিয়
তুমি কত আছিলা সোণ ... মই কালিৰ পৰা চিন্তাত আছোঁ নহয় !
উঠা চোন .. ঐ .. শুনিচানে ..
তোমাক আৰু ৫০০ টকা দিম উঠা মোৰ সোণ ।
মোক নামাতা কিয় তুমি ..? ঐ কি হৈছে তোমাৰ ?
হেৰি চাওঁক চোন ই মোক কিয় নামাতে ... অ সোণ .. সোণ উঠা আকৌ .. কলেজলৈ দেৰী হব নহয় .. সোনকালে উঠ সোণ , কিয় এনেকুৱা কৰি আছা ,
তুমি মুখেৰে একো নামাতা কিয় .........
............. মাতৃৰ কৰুণ বিলাপে যেন সকলোৰে চকু জীপাল কৰি তুলিছিল ! কিন্তু একমাত্র অ জীপাল হৈ আছিল সেই পুত্ৰৰ দুধাৰি ।
আৰু হয়টো কেতিয়াও সেই চকুৱে মাতৃৰ স্নেহ , মৰম এইবোৰ উপলব্ধি কৰিব নোৱাৰিব , কাৰণ সেয়া যেন তাৰ বাবে এতিয়া সম্ভৱেই নহয় ......!!
____________ সমাপ্ত
___________
লিখক : প্ৰীতম আৰ ডেকা
পুৰণি লেখনি ২০১৬ চনৰ , আকৌ এবাৰ পঢ়িবলৈ অনুৰোধ জনালোঁ
Comments
Post a Comment
ধন্যবাদ