বন্ধুত্বত কি
বন্ধুত্বত কি তুমাৰ আৰু কি মোৰ সকলো আমাৰ। তুমাৰ মুখেৰে হাঁহি দেখিলে মই সুখী আৰু তোমাক কষ্টত দেখিলে মোৰ চকুৰ পানী ওলাই। কোনো বন্ধু য়ে যদি মোৰ কিবা কামত মোক সহায় কৰে মই তেওঁক কেতিয়াও কৃতজ্ঞ নজনাও। কাৰণ সেই কামটো মই নিজে তেওঁৰ বাবে সাঁচি থৈছিলো। যদি কৰিম বোলি ক'লে কৰিব পাৰো কিন্তু নকৰো কাৰণ মোৰ বন্ধু আছে নহয়, তেওঁৰ হাতেৰে যদি সেই কামটো হয় মোৰ লগতে সিও সুখী হ'ব। প্ৰকৃত বন্ধুয়ে তোমাক কেতিয়াও সুধি নাচাই কিয় কৰিব লাগে, যদি তেওঁক নোখোৱাকৈ কামটো তুমি কৰি দিয়া তেওঁ ক'ব যে মই মৰি গৈছোঁ নেকি বেঃ, মোক এবাৰ ক'লে তোমাৰ সন্মান হানি হয় নেকি। যদি মই কিবা ভুল কৰো তাৰ সমভাগী মোৰ বন্ধুও হয় কাৰণ তেওঁ আছে বোলি হে মই আগুৱাই গৈছিলো । মই জানো কিবা বেছি অসুবিধাত পৰিলে মোৰ বন্ধু আছে নহয় মোক উদ্ধাৰ কৰিবলৈ। মোৰ কৰা ভুলৰ বাবে তেও মূৰটো তল কৰি গালি শুনি হলৈও মোক বচাই আনিবই। মই কৰা ভুলৰ বাবে কেতিয়াও মোৰ বন্ধুক sorry নকওঁ,কাৰণ মোৰ ভুলত অকল মোৰ ভুল নাই তেওঁৰ সমানেই ভাগ আছে।। বাবেইতো মানুহে কয় বন্ধুত্বত No sorry and No thanks!! বন্ধু সকল যিমান পাৰা ভাল বন্ধুৰ লগত উঠা-বহা কৰিবা বা বেয়া জনক তেওঁৰ ভুল দেখোওৱা আৰু তেওঁকো ভাল কৰিবলৈ যত্ন কৰা। কাৰোবাক যদি চিনিবলৈ অসুবিধা হৈছে তেওঁৰ বন্ধুলৈ চোৱা তেওঁক চিনি পাবা।
✍গোবিন্দ সৎনামী
Comments
Post a Comment
ধন্যবাদ