পূৱাতে সাৰ পালো

আজি পূৱাতে সাৰ পালো,তোমালৈ মনত পেলায় নহয়  কিবা কাম আছিল,তোমালৈ কিয় মনত পেলাম,কিয় মোৰ মনক কষ্ট দিম, তুমি মোক কেতিয়া নো বোজিছিলা,
কিবা কৰো বুলি মুৱাইল টি'পি  থাকোতে তোমাৰ নম্বৰ ওলাল , জানো তোমি গম্ভীৰ টোপনিত তৰাৰ দেশত নাচি বাগি ফুৰিচা, জানো তোমাৰ সপোনত মই নাই কোনোৱা ৰাজ কুমাৰ আছে যি য়ে তোমাৰ মিঠা টোপনিৰ আমেজ বঢ়াই তুলিছে, তাতে মই ফুন কৰি তোমাৰ মিঠা সপোন কিয় ভাঙু,,,,,এটা দিন আছিল যেতিয়া তুমিও  সেই নীলা দুই চকুত মোৰ নামৰ সপোন পোহি থৈছিলা, এতিয়া আৰু সেই অবকাশ নাই,,,, তোমি সম্ভৱ মোৰ ফুন চাই খঙতে ক'লা হয় কিয়  ফুন কৰিছা আৰু মই নিমাত হৈ একো উত্তৰ দিব নোৱাৰিলো হয়, হয়তো এতিয়া আমাৰ মাজত একোৱেই নাই কিন্তু কিয়  জানো তোমাৰ নম্বৰ মুৱাইলৰ পৰা ডিলেট কৰিব মন নাযায়, মই জানো সেই নম্বৰৰ পৰা আৰু কোনো দিনেই ফোন নাহে, মই জানো সেই নম্বৰত যদি মই ফুন কৰোঁ মোৰ লগত কোনেও বেছি সময় কথা নাপাতে, মেছেজৰো কোনো ৰিপ্লে নাপাম তথাপিতো মোৰ মনক বুজাব নোৱাৰো, জানো কিয় তোমাৰ নম্বৰ মই ডিলেট কৰিব নোৱাৰোঁ। তুমি জানানে তোমাৰ নম্বৰত মই প্ৰায়ে ফুন কৰো, কিন্তু ফুন লগাৰ পূৰ্বে ৰঙা চুইচটো দবাই দিওঁ, কিজান তুমি মোৰ নম্বৰ দেখি কি কথা পাতিম বুলি বিমুৰত পৰা বুলি। তুমি দিয়া মৰম মই চকু পানীৰে ধুই পেলালো, এতিয়া মই আমাৰ প্ৰেমৰ একো চিন নেদেখু তথাপিতো কিয় তোমাৰ স্মৃতিয়ে মোৰ লগ নাই এৰা নাজানো।।।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা