দুখ আৰু সুখ এক প্ৰকাৰৰ মানুহৰ
দুখ আৰু সুখ এক প্ৰকাৰৰ মানুহৰ সংগী, দুখ নাপালে জানো সুখ অনুভৱ কৰিব পাৰি। ল'ৰালি কালত আমি প্ৰায়ে প্ৰেমত পৰো, কেতিয়াবা হাঁহো আৰু কেতিয়াবা কান্দো। প্ৰেম কৰা কোনো ভুল নহয় মানুহৰ জন্মহৈছে মাথু প্ৰেম কৰিবলৈ । প্ৰেমৰ অবিহনে জীৱন শূন্য। কিবা কৌতুক কৈয় বা কলা দেখাই সকলোৱে হঁহোৱাব পাৰে কিন্তু কোনোৱা এজনেই থাকে যি জনে একো কলা,কৌতুক নকৰাকৈ তোমাক হহোঁৱাব পাৰে, যাৰ কথা তোমাৰ মনত পৰাৰ লগে লগে, বহুত দুখৰ মাজতো এটা মিছিকি হাঁহি তুমাৰ উঠলৈ নহাকৈ থাকিব নোৱাৰে, তেওঁ এ তোমাৰ প্ৰকৃত প্ৰেম হয়। বহু ক্ষেত্ৰত কি'হয়, যাক তুমি ভাল পাও পোৱা , তাই তুমাক ভাল নাপাই, অান এজনক হে ভাল পাই। কিন্তু তুমি তাইৰ অবিহনে থকাৰ কথা কল্পনাও কৰিব নোৱাৰা। হয় কথাটো সহ্য কাৰো নহয় , কিন্তু তুমি স্বাৰ্থপৰ নহয়। তাইৰ হৃদয়ে যাক থব বা যাৰ কথা ভাবিৱ মন যায় ভাৱিব পাৰে। যদি তাই তেওঁৰ লগত সুখী তুমি তাইক কিয় সহায় নকৰিবা। কিয় তুমি তাইক আপোন কৰি তাইৰ গুটে জীৱন ধংশ কৰিব বিচাৰা। প্ৰেমৰ অৰ্থ লোৱা নহয় দিয়া হে। আমি জীৱনত বহু মূল্যৱান বস্তু হেৰুৱাও যেনে সৰু কালৰ স্কুল বেগ,
সেই ক্ৰিকেটৰ সৰু বেট,সৰু চাইকল। ভিৰত হেৰাই যোৱাৰ ভয়ত দেওতাৰ হাত ধৰি খোজ কঢ়া। এইটো নাখাও- সিটো নাখাও বোলি পাকঘৰত মাক আমনি কৰা ইত্যদি । লাহে লাহে আমি ডাঙৰ হও ,আৰু সৰু কালৰ আটাইতকৈ মৰম লগা পুতলা যাৰ বাৱে বাইদেওৰ লগত কাজিয়া কৰি কান্দি-কান্দি শুই যোৱা। আজি সজাই থুৱা বস্তু মাথো। সেই পুতলাৰ ওপৰত আজিও মৰম আছে কিন্ত আজি সি বেকাৰ। তুমি ডাঙৰ হুৱাৰ পিছত সেই সকলো বোৰ যেন এটা ভাল স্মৃতি হৈ ৰ'ল। সময়ৰ লগত তুমি কাজিয়া কৰিলেও তোমাক সেই লৰালি ওভটাই নিদিয়ে আৰু তুমি বৰ্তমানতে সুখী। থিক তেনেদৰে যদি তাই তুমাক ভাল নাপাই, তুমি তাইৰ পৰা আতৰি থকা উচিত, তাইৰ লগত কটোৱা ভাল সময় আৰু ভাল স্মৃতিক বোটলি তুমি তাইৰ পৰা দুৰৈত এটা ভাল সপোন ৰচায় উচিত, নহলে তুমি নিজকে নিজে মাৰি পেলাবা, ম'দ-চিগাৰেট খাই তাইক পাহৰিব চেস্টা কৰিবা, আনহাতে তাই ভাবিৱলৈ বাধ্য হ'ব যে "মই মদাহি টোক এৰি ভালেই কৰিলো; । ভগৱানে মানুহক যেনেকৈ মনত ৰখাৰ শক্তি দিছে ঠিক তেনেকৈ পাহৰাৰ শক্তিও দিছে।। যদি তোমাক কোনোৱাই কয় যে তাহানিবাই ঢুকায় যোৱা আজু ককাৰ মৃত্যুক মনত পেলাই কান্দা তুমি নোৱাৰা । তেওঁও তোমাৰ আপোন আছিল কিন্তু তুমি তেওঁৰ অবিহনে জীয়াই থাকিব শিকিছা , তেওঁক তুমি এতিয়া পাহৰিছা। তেনেকৈ এদিন তুমি তাইকো পাহৰি যাবা, যাৰ বাৱে তুমি আজি মৃত্যুক আকোৱালি লব বিচাৰিছা,,, বন্ধু সময় বহুত শক্তিশালি, সকলো সমস্যাৰ সমাধান সময়ৰ ওচৰতে আছে । কোনো সমস্যা চিৰস্থাই নহয়, পাৰ হব আৰু তুমিও সুখি হবা নিশ্চয়। মাত্ৰ সেই নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখা । এদিন তুমাকো মনে প্ৰানে ভাল পাব পৰা সংগী কৰবাৰ পৰা ওলাই আহিব।
Comments
Post a Comment
ধন্যবাদ