বহুত কষ্ট হয় যেতিয়া কোনো আপোনাৰ জনে কয়

বহুত কষ্ট হয় যেতিয়া কোনো আপোন মানুহে কয়, “তোমাৰ যি মন তাকে কৰা, মোৰ ক’বলৈ একো নাই।” আমি বন্ধুত্ব কৰোঁ কিয়? যেতিয়া কিবা অসুবিধা হয়, তেওঁৰ ওচৰত মনৰ কথা ক’ব পাৰোঁ বুলিয়েই তো। অকলশৰীয়া লাগিলে তেওঁৰ লগত কথা পাতি মনটো পাতল কৰোঁ বুলিয়েই। কিন্তু যদি তেওঁ তোমাক বুজিবলৈ চেষ্টাই নকৰে আৰু কয়, “তোমাৰ যি ইচ্ছা তাকেই কৰা,” তেন্তে বন্ধু যেন বন্ধু নহয়, কোনো অচিনাকি মানুহৰ দৰে লাগে। তেওঁৰ ওপৰত থকা বিশ্বাস এটা মুহূৰ্ততে চুৰমাৰ হ’বলৈ ধৰে। 


সকলো সম্পৰ্ক আৰু সপোন যেন দাপোন ভাঙি চিটিকি পৰাৰ দৰে লাগে—টুকুৰা টুকুৰ হৈ ছিন্নভিন্ন হৈ পৰে। নিজকে নিজে বহুত প্ৰশ্ন কৰিবলৈ লওঁ—কিয়? কিয় তেওঁক ইমান বিশ্বাস কৰিছিলোঁ? যদি তেওঁৰ চকুত তোমাৰ ভাৱনাৰ কোনো মূল্য নাই, তেন্তে তুমি কিয় এটা মিছা সম্পৰ্ক বচাই ৰাখি নিজকে আন্ধাৰত ঠেলি দিব খুজিছা? 


বন্ধুত্ব, প্ৰেম—এই সম্পৰ্কবোৰত বিশ্বাস আৰু ভৰসা দুয়োটা বৰ দৰকাৰী। বিশ্বাসৰ ৰছিৰে ভৰসাৰ গাঁঠি বান্ধি এই সম্পৰ্কক আঁকোৱালি ধৰিব লাগে, যাতে কেতিয়াও খোলখাই এজনে আনজনৰ পৰা আঁতৰি নাযায়। যদি এজনে যাবলৈ ধৰে, আনজনে গাঁঠিটো টান কৰি ধৰিব লাগে। কাৰণ এই সম্পৰ্ক তোমাৰো। বিচ্ছেদ হ’লে তেওঁৰ কষ্ট হোৱাৰ লগতে তুমিও দুখ পাবা। ধন্যবাদ।

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা