কি লিখিম, লিখিবলৈ শব্দ বিচাৰি নোপোৱা হৈছোঁ
কি লিখিম, লিখিবলৈ শব্দ বিচাৰি নোপোৱা হৈছোঁ। যাৰ বাবে লিখি গৈছিলোঁ, তেওঁ পঢ়িবলৈ বেয়া পায়। কয়, “পাগলৰ একো কাম নাই।” তেওঁ মোৰ নামো শুনিব নিবিচাৰে। তাইৰ কোনো বান্ধৱীয়ে মোৰ কথা ক’লে তাই দূৰলৈ আঁতৰি যায়, নহ’লে ক’বলৈ মানা কৰে। মই ইমানেই বেয়া নেকি? কি ইমান ডাঙৰ অপৰাধ কৰিলোঁ যে তুমি মোক এনেকৈ বেয়া পোৱা?যদি প্ৰেম কৰাটো ভুল, মই কৰিছোঁ। তোমাৰ নাম হাতত লিখাটো ভুল হ’লে, মই সেইটোও কৰিছোঁ। ৰঙা তেজেৰে চিঠি লিখাটো ভুল হ’লে, সেইটোও মই কৰিছোঁ। কিন্তু মোক বাধ্য কোনে কৰালে? মই তো কেতিয়াও তোমাক দুখ দিয়া নাই। ইমান সকলোৰ পিছতো তোমাৰ নাম মোৰ মুখত থাকে। তোমাৰ নামৰ পাছৱৰ্ড দিলে মোৰ কম্পিউটাৰ খোলে—ই-মেইল, ফেচবুক, সকলোতে তোমাৰ নাম। তাত তোমাৰ কোনো দুখ নাই।তোমাৰ নাম মোৰ বাবে ইমান সহজ হৈ পৰিছে যে তাৰ বাহিৰে আন একো মনলৈ নাহে। কেতিয়াবা ভয় লাগে—তোমাৰ নাম বাৰে বাৰে লৈ থাকিলে তুমি উজুটি খাবা নেকি, খাওঁতে চৰচৰনি লাগিব নেকি। তোমাৰ ফটো নাচালে মোৰ টোপনি নাহে। আৰু তুমি কোৱা, “মই পাগল।” হয়, মই পাগল—তোমাৰ প্ৰেমত পাগল।মই আৰু তোমাক আমনি নকৰোঁ বুলি ঠিক কৰিছোঁ। তোমাৰ নামৰ পাছৱৰ্ড ডিলিট কৰিম বুলি ভাবি “ফৰগেট পাছৱৰ্ড” কৰিলোঁ। কিন্তু গোপন প্ৰশ্নটোও তোমাৰ নামত আছে। ক’ত ক’ত তোমাৰ নাম আছে, ক’ত ক’ত এডিট কৰিম? নোৱাৰোঁ, বুজিছা। নিজকে কষ্ট দিবও নোৱাৰোঁ।যদি পাৰা, এবাৰ ঘূৰি আহি চোৱা—মই কেনেকৈ সময় কটাই আছোঁ। থাকিব নালাগে। মই জানো, হৃদয় ভঙাৰ যন্ত্ৰণা কিমান। মই সহিব পাৰিলোঁ বুলি সকলোৱে সহিব নোৱাৰে। তুমি তেওঁৰ লগত থাকা। মই তোমাৰ স্মৃতিক সাৱটি এই পৃথিৱীৰ পৰা গুচি যাম—কোনেও গম নোপোৱাকৈ, এদিন গোপনে।
Comments
Post a Comment
ধন্যবাদ