থকা চৌব্বিচ ঘন্টাত লৰাই মা,দেওতা, ভাই, ভনী, ককা আইতা বন্ধু,কাম সকলো এৰি

ছোৱালী:- তোমাৰ কল বেক কৰোতে কিয় ইমান দেৰি হয়, মই যদি তোমাক লগ কৰিবলৈ মাতো তুমি দেৰিকৈ আহা? মই কিমান সময়ৰ পৰা ইয়াত ৰৈ আছো।।
লৰা:- ঘৰত কথা পাতি আছিলো, মোৰো ঘৰত বহুত কাম আছে, তোমাক প্ৰেম কৰিলো বুলিয়ে মই মোৰ ঘৰ খন বাদ দিৱতো নোৱাৰো!!
ছোৱালী:- প্ৰেমৰ প্ৰস্তাপ গ্ৰহন কৰাৰ আগত তুমি তেনে নাছিলা, মোতকৈ আগত আহি মোলৈ ৱেট কৰিচিলা? বাৰ-বাৰ ফোন কৰি মোক আমনি কৰিছিলা, যেতিয়া মই তোমাৰ প্ৰেমত পৰি গলো তুমি কিয় মোক ইগ'নৰ কৰিছা?
লৰা:- তেতিয়াৰ কথা বেলেগ আছিল, এতিয়া ঘৰখনৰ বোজা মোৰ ওপৰত পৰি গল, দেওতা বেমাৰত পৰাৰ পিছত সকলো মাথা ময়ে মাৰিব লাগে, তুমিতো সকলো ভালকৈ জানা!!
ছোৱালী:- অঃ মই জানো আৰু ইমানো জানো যে তুমি মোক আৰু আগৰ দৰে প্ৰেম নকৰা হ'লা, নিজেতো ফোনে নকৰা মই ফোন কৰিলে ফোন নোঠোৱা??? দহ মিনিট বহি কথা পাতিবলৈ তোমাৰ লগত সময় নাই??
লৰা:- মই তোমাক আগতকৈও বেছি বহুত বেছি ভাল পাও অ ফেছী, কিন্তু দেওতা বেমাৰী হোৱাৰ পিছত তুমাক দিবলৈ সময় ক'ম হৈছে চৰি!!! সেইবোলি তুমি ভুল নোবোজিবা মোৰ হৃদয় ফালি চোৱা মাথু তোমাৰেই নাম আছে অ ফেছী!!
ছোৱালী:- মিছা মতি চেনি দিয়াৰ দৰকাৰ নাই তোমাৰ যেতিয়া সকলো প্ৰব্লেম শেষ হব তাৰ পাছত তুমি মোৰ কাষলৈ আহিবা, এতিয়াৰ বাবে বাই!! অজিৰ পৰা মোক ফোন আৰু টেক্স নকৰিবা, তুমি ওচৰত মোক এৰি সকলোৰ বাবে সময় আছে!! আজিৰ পৰা মই তোমাক আৰু ভাল নাপাও!!
লৰা:- চৰি!! আগলৈ এই ভুল নহয় আৰু, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো, প্লিজ!!
ছোৱালী :- মোক ব্ৰেক'আপ লাগে, মই তুমাৰ ফোচুলনি কথাত আৰু ভুল নাযাও,মই আগতে সুখী আছিলো তোমাক ভাল পাই ডাঙৰ ভুল কৰিলো।। আজিৰ পৰা আৰু কেতিয়াও তোমাক লগ কৰিব নামাতো, তোমাৰ নম্বৰ ব্লক কৰি আছো মোক আৰু কেতিয়াও ফোন নকৰিবি.....
এনেকৈ চিঞৰী চিঞৰী ছোৱালী জনী পাৰ্কৰ পৰা ওলাই গ'ল, লৰা জন জথৰহৈ তাইলৈ চাই থাকিল তেওঁৰ দুচকুত কৱলৈ বহুত কথা আছিল যেন লাগিল কিন্তু চকুলোৱে তেওক একো ক'ব নিদিলে, অলপ পৰ ৰোৱাৰ পিছত তেও মোলৈ চাই কলে চুৱানা ব্ৰাডাৰ বুজিবলে চেষ্টা এই নকৰে, দহ মিনিট হে ডেৰি হৈছে, "মই ঘৰৰ কামত ব্যস্ত আছিলো ব্ৰাডাৰ; মই:- তাই আকৌ তুমাৰ কাষলৈ আহিব চিন্তা নকৰিবা অথনিৰে পৰা অকলে বহি যিমান খং আছিল বমিয়ালে, খং ভাঙিলে তোমালে ফোন কৰিব নিশ্চয়, তুমি এতিয়া যোৱা।
অলপ পৰ পিছত ছোৱালী জনী ঘূৰি আহি তেওক পাগলৰ দৰে বিছাৰি ফুৰিছে, তাইৰ চকু এ গোটেই পাৰ্কত তেওক বিচাৰি ফুৰিচে তেনেতে মই তাইৰ কাষত গৈ "ভনী তুমি সেই হালধীয়া টি চাৰ্ট পিন্ধা লৰা জনক বিচাৰিছা হৱলা ন;?
তাই:- হয় দা তেও গলগৈ নেকি?
মই:- তোমালোক ছোৱালীবোৰ কিয় এনেকোৱা বাৰু একো বুজিব চেষ্টা নকৰা , থকা চৌব্বিচ ঘন্টাত লৰাই মা,দেওতা, ভাই, ভনী, ককা আইতা বন্ধু,কাম সকলো এৰি তোমাৰ বাবে তোমাৰ প্ৰিতীৰ বাবে এক-দুই ঘন্টা লুকোৱাই ৰাখে, তেওৰ খুৱা-শুৱাত দহ-পাচ মিনিট ইফাল সিফাল হলেও তোমাক দিয়া সময়ত সেলি মেলি হব নিদিয়ে, লৰাৰ হৃদয়ে এনেকোৱা জানা, পদুলিত ৰৈ প্ৰেম কৰিলে বোলি নোপোৱা হৃদয়ৰ ভিতৰত থাকিব লাগিব। এতিয়া তুমি সেই চুকৰ দোকানলৈ যোৱা বেটা টেঞ্চনত চিগাৰেট ফুকি আছে, যোৱা!!!  সিহত আকৌ আগৰ দৰে হৈ পৰিব, হেঃ ভগৱান সকলোৰে প্ৰব্লেম নিমিষতে ঠিক কৰা মোৰ টো এতিয়াও পেণ্ডিং থুৱা? জানো মোৰটো কেতিয়া ঠিক কৰি দিবা???

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা