মুনুলৈ বোলি

তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল,,
আগৰ দৰেই চঞ্চল- ফুৰ্তি হৃদয়ৰ পৰা ওলোৱা  মাতে,
মোৰ মন মগ্ন কৰি পেলালে,,
মই জনা নাছিলোঁ যে তুমিও  মোৰ লগত কথা পাতিবলৈ ইমান ব্যাকুল হৈ আছা বোলি,,
প্ৰেম তেনেকুৱাই অ,,
যিমান দুৰ হলেও.. পাহৰা কঠিন , মই জানিছিলো তুমিও মোলৈ মনত পেলোৱা,,
 তুমিও নিৰৱতা ওচুপি  উঠা,, আজি তোমাৰ মুখেৰে শুনি কান্দি পেলালো জানা,,
 একো নমতাকৈ সকলো তোমাৰ  মনৰ কথা শুনি থাকিবলৈ মন গৈছিল,
মনত পৰে সেই পোৰণি দিনবোৰ লৈ.. য'ত এপলসও যদি তোমাৰ  পৰা আতৰি থাকোঁ এনে লাগিছিল যেন মই বছৰ পাৰ কৰিলো তোমাৰ অবিহনে,
সকলো সময়তে এটাই অভিমান আছিল তুমি মোৰ আৰু মোৰ পৰা কোনেও আতৰাই নিব নোৱাৰে,,
আজি সেই অভিমান ভাঙি চুৰ-মাৰ হল, মই তোমাক হেৰুৱালো যদিও কোনোবা চুকত তোমাৰ নাম সাঁচি ৰাখিছিলোঁ,
আৰু চোৱা তুমাৰ লগত পতা কথাৰ সেই 15 মিনিটতে মৰমৰ টোপোলা ভাঙি মোৰ দুচকু ডুবালে,
 ঐ তোমাৰ মাত কপি কপি আহিছিল,
কিয় ভয় কৰিছিলা নে কি কম কি নকওঁ কৈ বিমোৰত পৰিছিলা,
  মই এইদৰে তোমাৰ লগত কথা পতাতো ঠিক নহয় মই জানো,
তথাপিতো মনক বুজাব নোৱাৰিলোঁ যানা,,
মই তোমাৰ কথা প্ৰায়ে ভাবোঁ,
বেঙী ছোৱালী জনী  এঘৰত গৈ কেনে আছে বাৰু,
কোনোবাই তাইক বুজিবলৈ চেষ্টা কৰে নে বাৰু,
নে তাই নিৰৱতাত অকলে কান্দে,
দুখ হয় যেতিয়া  গম পাওঁ যে তোমাৰ ঘৰত কাজিয়া হৈছে,,
প্ৰাক্তন প্ৰেমিৰ বিষয় লৈ তোমাক গালি-শপনি দিছে,
মনক বুজাবলৈ বাধ্য হওঁ যে এতিয়া  তুমি মোৰ কোনো নহয়,
আমাৰ মাজত আৰু বিষেশ একো নাই,
না তুমি মোৰ প্ৰেয়সী না মই তোমাৰ প্ৰেমি,,
মনে ওভতাই প্ৰশ্ন কৰে যদি তেওঁ তোমাৰ কোনো নহয়, কিয় থৈছা তাইৰ ফটো,
কিয় লোৱা তাইৰ নাম ,
 কিয় থৈছা তাইৰ নাম হৃদয়ৰ সাঁচি,
কিয় তাইক বাৰে-বাৰে মনত পেলোৱা,
কিয় কান্দা পুৰণি দুখ বোৰ বাচি,,
উত্তৰ মোৰ নাই, না মোৰ মনক দিবলৈ না তোমাক দিব'লৈ,
এৰি থলা মোক এনেকৈ কান্দি থাকিবলৈ,,
    ধন্যবাদ
গোবিন্দ সৎনামী

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা