তোমাৰ কেতিয়াও অধিকাৰ নাই,
তোমাৰ কেতিয়াও অধিকাৰ নাই,নিজৰ স্বাৰ্থৰ বাবে অানক ব্যৱহাৰ কৰিব।অধিকাৰ নাই কাৰোবাৰ অনুভূতি বোৰৰ সৈতে খেলিব।……………অধিকাৰ নাই অানৰ বিফলতাত হাহিব কাৰণ সফলতা অানৰ বিফলতাত নহয়,নিজৰ চেষ্টা সাধনাৰ বলতহে থাকে।।
সকলোৱে জানে তুমি যিমান শক্তিশালি নোহোৱা কিয় সময় তোমাতকৈ বহু শক্তিশালি…………কোন মুহূৰ্তত মানুহে সময়ৰ ওচৰত সমৰ্পণ কৰাৰ সময় অাহি পৰে কোনেও ক'ব নোৱাৰে।
অধিকাৰ সকলোকে লাগে…………সকলোৱে মৰম ভালপোৱাৰ মাজত জীয়াই থাকিব বিচাৰে, কিন্তু সেইয়া তেতিয়া সম্ভৱ যেতিয়া নিজে অানক মৰম,ভালপোৱা দিবৰ সামৰ্থ হ'ব।।
সকলো মানুহৰে অাত্মগৌৰৱ থাকে,নিজৰ প্ৰতি সন্মান সকলোৰে থাকে,তাক কেতিয়াও অসন্মান জনোৱা উচিত নহয়।……………ব্যৱহাৰিক জ্ঞাণবোৰ নিজেই নিজক সংশোধন কৰাৰ প্ৰয়োজন।।…………যি ব্যৱহাৰ নিজে সহ্য কৰিব পৰা নাযায় সেই ব্যৱহাৰ অানক কৰাৰ পৰাও বিৰত থকা উচিত…………লগতে অাৰু অাত্মগৌৰব তেতিয়ালৈ কোৱা যায় যেতিয়ালৈকে সি নিজৰ মাজতেই সীমাবদ্ধ………তাৰ পৰা নিজৰ ব্যক্তিত্ব প্ৰকাশ পাই কিন্তু এই অাত্মগৌৰব যদিহে নিজৰ ব্যক্তিত্বৰ পৰা বাহিৰ হয় তেতিয়াই সি অহংকাৰলৈ পৰিণত হয় অাৰু অহংকাৰ ইমানেই ভয়ংকৰ যে কোন মুহূৰ্তত নিজৰ অাপোন মানুহ বোৰৰ মাজৰ পৰা দূৰলৈ লৈ যায় গমেই পোৱা নাযায়……………জীৱনৰ শেষ মুহূৰ্তত অনুভৱ হ'ব যে জীৱনত অাচলতে নিজৰ বুলিবৰ একোৱেই নাছিল,অাজি ইমানেই অভাৱ যে মোক ভালপোৱা এজনো নাই।।
সচাকৈ, যদিও মহাত্মাজনৰ নীতি অাদৰ্শ বৰ্তমান স্বচ্ছ ভাৰত অভিযানতেই সীমাবদ্ধ হৈ ৰ'ল তথাপি তেও ঠিকেই কৈছিল………জুই সলনি যদি জুই দিয়া যায় সকলো শেষ হৈ যাব।।ভালপোৱাৰে সকলোকে জয় কৰিব চেষ্টা কৰা উচিত অধিকাৰেৰে নহয়।।বিবেক অাৰু বুদ্ধিৰে যুদ্ধহে জিকিব পাৰি হৃদয় নহয়।। ………ধন্যবাদ…………
Comments
Post a Comment
ধন্যবাদ