এক মিটা স্মৃতি
সঁচাই ক’বলৈ, মই জীৱনত বহুত অকলশৰীয়া হৈ পৰিছোঁ। হোৱাটছএপ ব্যৱহাৰ কৰি নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছোঁ। তাতেই চিনাকি হ’ল কৰিশ্মা গৌতম নামৰ এজনীৰ লগত। প্ৰথমে “গৌতম” উপাধিটোৱে মোক বিমোৰত পেলালে—ল’ৰা নে ছোৱালী? বিয়া হোৱা তিৰোতা নেকি? জানিবলৈ মন গ’ল। পিছত গম পালোঁ, তাই এজনী শৰ্মা বামুণ ছোৱালী, তাইৰ গোত্ৰই গৌতম। তাইৰ কথা-বতৰাত লাগিল, তাইও যেন বৰ অকলশৰীয়া। এজন ভাল বন্ধুৰ তাইৰ খুব দৰকাৰ আছে বুলি মোৰ মনত হ’ল। সেই সময়ত মই প্ৰেমৰ লিখনি লিখিছিলোঁ। তাই নপঢ়ে বুলি জানো, কিন্তু কেনেকৈ যে তাই মোৰ ভগ্ন হৃদয়ৰ এটা চুক বিচাৰি উলিয়াই ল’লে, নিজেও নাজানোঁ। বন্ধুত্বৰ পৰা আমি কেতিয়া প্ৰেমত পিছলি পৰিলোঁ, বুজা নাই। মাথোঁ জানো, তাই বহুত চঞ্চল মনৰ ছোৱালী, আৰু মই দুখীয়া ঘৰৰ ল’ৰা। তাই যি সুখ বিচাৰে, মই তাক কেতিয়াও দিব নোৱাৰোঁ। তথাপিও মোৰ মাক সকলো কথা ক’লোঁ। মায়ে ক’লে, “তাইক বুজা, যদি তাই পৰিস্থিতিৰ লগত তাল মিলাই চলিব পাৰে, তেন্তে বিয়া পাত। কিন্তু তাইৰ মনৰ লগত খেলা নকৰিবি। ছোৱালীৰ দিয়া শাও বহুত বেয়া লাগে।” মই তাইক বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই বুজিব নিবিচাৰিলে। তাৰ পিছত মই তাইৰ পৰা দূৰ হো...